গুৱাহাটী,১২ এপ্ৰিলঃ যোৱানিশা মহানগৰীৰ এখন বিদ্যালয়ৰ পৰা চোৰে  গুণোৎসৱৰ উত্তৰ বহীসমূহ চুৰি কৰাত সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, মহানগৰীত দিনক দিনে বৃদ্ধি পাব ধৰিছে চোৰৰ উপদ্ৰৱ৷ আৰক্ষীৰ সকলো নিৰাপত্তাক বৃদ্ধাংগুষ্ঠ দেখুৱাই চোৰে গুৱাহাটীৰ বাসস্থানৰ লগতে মন্দিৰ, মছজিদ, নামঘৰত চুৰি কৰি আহিছে৷ যোৱানিশা মহানগৰীৰ বিৰোবাৰীৰ গঞাৰাম আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ কাৰ্যালয়ত চোৰে চুৰি কৰাৰ লগতে বিদ্যালয়ৰ কাৰ্যালয়টো লণ্ড-ভণ্ড কৰে৷ চোৰে বিদ্যালয়খনৰ পৰা ফেন, মধ্যাহ্ন ভোজনৰ বাচন, গুৰুত্বপূৰ্ণ ফাইলৰ লগতে গুণোৎসৱৰ উত্তৰ বহীসমূহ চুৰি কৰে। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত বহুকাঙ্খিত গুণোৎসৱৰ উত্তৰ বহীসমূহ চোৰে নিয়াত চুৰিৰ আঁৰত আন ৰহস্য আছে বুলি সন্দেহৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চোৰে এই বিদ্যালয়খনৰ পৰা গেছৰ চিলিণ্ডাৰৰ লগতে বহু মূল্যবান সামগ্ৰী চুৰ কৰিছিল।