গুৱাহাটী, ১১ ছেপ্তেম্বৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী খননৰ কাম যাতে বিজ্ঞানসন্মত আৰু সম্পূর্ণ পৰিকল্পিতভাৱে কৰা হয সেই উদ্দেশ্যৰে যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জলসম্পদ বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে খনন প্রক্রিয়াটাে সম্পূর্ণ নিখুঁত কৰাৰ বাবে তথা কোনো কাৰণতে যাতে কাৰিকৰী ত্রুটি থাকিব নোৱাৰে তাৰ বাবে বিভাগটােৰ যান্ত্রিক অভিযন্ত্রাসকলক শীঘ্ৰে প্ৰশিক্ষণৰ বাবে বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈও জলসম্পদ বিভাগৰ মুখ্য অভিযন্ত্রা গৰাকীক নির্দেশ দিয়ে। অসম বিধান সভাৰ মুখ্যমন্ত্রীৰ কাৰ্যালয়ত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ খনন সম্পৰ্কত জলসম্পদ বিভাগৰ উচ্চ পর্যায়ৰ বিষয়াসকলৰ সৈতে হােৱা এক বৈঠকত মুখ্যমন্ত্রীয়ে এই নির্দেশ দিয়ে। মুখ্যমন্ত্রী সোণোৱালে কয় যে খননৰ সমগ্র প্রক্রিয়াটাে উন্নত মানৰ হয় সেইটাে নিশ্চিত কৰিব লাগিব। নদী খননৰ ফলত আহৰণ কৰা বালিৰে হাইলেণ্ড সৃষ্টি কৰি পৰ্যটন খণ্ডৰ বিকাশৰ বাবেও ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে মুখ্যমন্ত্রীয়ে। ইয়াৰ বাবে জলসম্পদ বিভাগৰ প্ৰতিটাে সংমণ্ডলত বন বিভাগৰ বিষয়াক জড়িত কৰাৰ উপৰি সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণক আস্থাত ল’ব পৰাকৈ বিষয়া নিয়োগ কৰি বিভাগটােক গতিশীল কৰাৰ বাবে যথোপযুক্ত পৰিকল্পনা প্রস্তুত কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। বাৰিষা শেষ হােৱাৰ লগে লগে জলসম্পদ বিভাগৰ বিষয়া-কর্মচাৰীসকলে মথাউৰি মেৰামতি, মথাউৰিৰ সামগ্রিক স্থিতি অধ্যয়ন কৰাৰ উপৰি এই ক্ষেত্ৰত কার্যকৰী ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে মথাউৰিসমূহৰ ফলত কিমান লোক সুৰক্ষিত হৈছে, সেই বিষয়ে জৰীপ কৰিবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে প্ৰতিখন নদীৰ বাৰিষাৰ কালছোৱাৰ সর্বোচ্চ পানীৰ উচ্চতা আৰু নদীৰ বহন ক্ষমতা সম্পর্কতো জৰীপ চলাবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে কর্মস্থলীত অভিযন্ত্ৰীসকলৰ বাবে পৃথক পোছাকৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত জলসম্পদ মন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী মুখ্যসচিব বিনোদ কুমাৰ পিপাৰচেনিয়া আৰু জলসম্পদ বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।