সোণতলী, ১২ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণতলী ছমৰীয়া গড়কাপ্তানী পথৰ পৰা মালীবাৰী বজাৰ সংযোগী পকী পথটো মেৰামতিৰ অভাৱত জহি খহি যোৱাত বিগত প্ৰায় ৫বছৰ ধৰি ছমৰীয়া, পুঠিমাৰী, বগুৰীগুৰী, হাউলীৰটাৰী, চতুৰ্ভুজৰ স্থানীয় লোকে যাতায়ত ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈছে৷ বানপীড়িত মালীবাৰীৰ যাতায়তৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য পথটোৰ উচ্চতা কম হোৱাৰ বাবে পথছোৱাৰ ওপৰেদি বানপানী বৈ যোৱাত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে৷ স্থানীয় লোকে সদৰি কৰা মতে, কিছুবছৰ পূৰ্বে পথটো মেৰামতি কৰা হৈছিল যদিও নিৰ্মাণৰ কাম অতি নিম্ন মানৰ হোৱাৰ বাবে পথটো জহি খহি যায়৷ পথছোৱা নিৰ্মানৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে বালিৰ ওপৰত নামমাত্ৰ টপড্ৰেচিং কৰাৰ ফলত ঠায়ে ঠায়ে পকী পথটো খলপে খলপে উঠি পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে৷ পকী পথটোৰ দ খাৱৈত স্থানীয় লোকে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো নিৰ্মান কৰি কোনোমতে যাতায়ত সুচল কৰি লৈছে যদিও অ়ঞ্চলটোত স্বাস্থ্য বিভাগৰ ১০৮ বা আদৰণি সেৱাৰ গাড়ী সোমাব নোৱাৰাত স্থানীয় লোকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷  তদুপৰি পকী পথৰ মাজত থকা জৰাজীৰ্ণ বাঁহৰ সাঁকোৰেই দৈনিক বিপদ সংকুল যাতায়ত কৰিবলগীয়া কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ জনতা৷ স্থানীয় লোকে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো পথটো নিৰ্মাণ তথা মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে নিৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷