তিতাবৰ, ১৩ আগষ্টঃ তিতাবৰৰ তাঁতী গাওঁত পুৱতি নিশা ৰেলৰ খুন্দাত এজন লোকে কৰুণ মৃত্যুক সাৱতি লয়৷ স্থানীয় লোকে সদৰি কৰা মতে, পুৱা প্ৰায় ৫.৪৫ বজাত উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত ব্যক্তিজন নিহত হয়৷ নিহত লোকজন তাঁতী গাঁৱৰে ব্যৱসায়ী জয়ন্ত শইকীয়া (৪০) বুলি জানিব পৰা হৈছে। জয়ন্ত শইকীয়া পুৱা প্ৰাতঃভ্ৰমণত যোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়৷ জয়ন্ত শইকীয়াই আত্মহত্যা কৰিছিল নে এয়া এক দুৰ্ঘটনাহে আছিল, সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব।