ৰঙিয়া, ১৫ ছেপ্টেম্বৰঃ বড়ো মাধ্যমৰ শৈক্ষিক সমস্যা সমাধানৰ দাবীত ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত এবছুৰ কামৰূপ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অবছুৱে বড়ো মাধ্যমৰ বিদ্যালয়সমূহত টেট শিক্ষক নিযুক্তি দিয়াৰ লগতে অন্য ভাষাৰ শিক্ষকৰ নিযুক্তি বন্ধ কৰাৰ দাবীত চৌদিশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আৰু শিক্ষা বিভাগক ক্ষুৰধাৰ সমালোচনা কৰে৷ লগতে ৰাজ্যত বৰ্তমানলৈ শাসনভাৰ গ্ৰহণ কৰা প্ৰতিখন চৰকাৰে বড়ো মাধ্যমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ কাৰণে বড়ো জনগোষ্ঠীৰ ল’ৰা-ছোৱালীয়ে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে শীঘ্ৰে বড়ো মাধ্যমৰ বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায়।