ধুবুৰী, সংবাদ ৩৬৫, ১৫ জুলাইঃ ধুবুৰীত দীৰ্ঘদিনৰ পৰা চলি থকা চৰকাৰী সুলভ মূল্যৰ চাউলৰ বৃহৎ ক’লা বেপাৰৰ বিৰুদ্ধে জিলা প্ৰশাসনে অভিযান চলাই দুখনকৈ চাউলৰ গুদাম ছিল কৰে। জিলা প্ৰশাসনে অভিযান চলাই ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰৰ পুত্ৰৰ নামত থকা ধুবুৰী বজাৰ কমপ্লেক্সৰ এ-২ নম্বৰৰ চাউলৰ গুদাম ঘৰ ছিল কৰে। ধুবুৰীত জিলা খাদ্য আৰু যোগান বিভাগৰ এচাম বিষয়া আৰু পৰিদৰ্শকৰ আশীৰ্বাদ জিলাখনত এচাম চাউল মাফিয়াই চৰকাৰী সুলভ মূল্যৰ চাউলৰ ক’লা বেপাৰ চলাই থকাৰ অভিযোগ দীৰ্ঘদিনৰ। এই অভিযোগৰ ভিত্তিত শনিবাৰে নিশা ধুবুৰীৰ ভিন্ন স্থানত জিলা প্ৰশাসনে চোৰাং চাউল বিৰোধী অভিযান চলাই ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰৰ পুত্ৰৰ চাউলৰ গুদাম ঘৰৰ লগতে আন এটা চাউলৰ গুদাম ঘৰো ছিল কৰে।আনহাতে ধুবুৰীৰ ইন্দিৰা গান্ধী পথত থকা ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰৰ এগ্র ইণ্ডাষ্ট্ৰিত অভিযান চলাই জিলা প্ৰশাসনে পশ্চিম বংগৰ এটা কোম্পানীৰ নাম থকা চাউলৰ পেকেট উদ্ধাৰ কৰে। ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি গৰাকীয়ে প্ৰয়জনীয় অনুজ্ঞাপত্ৰ নোহোৱাকৈ নিজৰ কোম্পানীৰ নাম গোপন ৰাখি পশ্চিম বংগৰ বৰ্ধমান জিলাৰ মা কালী ৰাইচ মিল প্ৰাইভেট লিমিটেড নামৰ এটা অজ্ঞাত কোম্পানীৰ পেকেট ব্যৱহাৰ কৰি নিজে ধানৰ পৰা প্ৰস্তুত কৰা চাউল বজাৰত যোগান ধৰি আছিল। জিলা প্ৰশাসনে পৰীক্ষা মূলক ভাৱে পশ্চিম বংগৰ অজ্ঞাত কোম্পানীৰ চাউলৰ খালি পেকেটৰ লগতে প্ৰস্তুত কৰা চাউলৰ নমুনা সংগ্ৰহ কৰে আৰু এই বৃহৎ জালিয়াতিৰ তথ্য প্ৰমাণিত হলে আব্দুছ ছবুৰৰ বিৰূদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে।উল্লেখ্য যে এই গৰাকী চাউল মাফিয়া আব্দুছ ছবুৰৰ বিৰুদ্ধে পূৰ্বেও চোৰাং চাউলৰ বেপাৰৰ লগত জড়িত থকাৰ বহু অভিযোগ আছে।