নগাওঁ, সংবাদ ৩৬৫, ৪ নৱেম্বৰ: নগাওঁ জিলাৰ ধিং থানাত দেওবাৰে গাওঁৰক্ষী বাহিনীৰ মাহেকীয়া সভা গাওঁৰক্ষী বাহিনীৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷ দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে গাওঁৰক্ষী বাহিনীৰ স্থায়ী সভাপতি টঙ্কেশ্বৰ বৰাই । সভাখনত বৰ্তমান সময়ত বাল্যবিবাহ ,ধৰ্ষণ,জুৱা,মদ,ভাং আদি অসামাজিক কাৰ্য-কলাপ বৃদ্ধি পাই অহাত এইবোৰ ৰোধ কৰিবলৈ হ’লে প্ৰতিজন গাওঁৰক্ষী বাহিনীৰ লগতে স্থনীয় ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াব লাগিব বুলি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাখনত তিনিচুকীয়া জিলাৰ খেৰবৰীত এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ ৫ জনকৈ নিৰীহ লোকক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা কাৰ্যক সভাখনত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এনেধৰণৰ কাৰ্য যাতে পুনৰাবৃত্তি নঘটে তাক সভাই অনুৰুধ জনায় ৷ উক্ত সভাখনত গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক বিশ্বজিৎ নাথ,নগাওঁ মহকুমা গাওঁৰক্ষী বাহিনীৰ উপ-উপদেষ্টা তৰুন নামনি ৰাজ ,সম্পাদক মাইনুল হক শিকদাৰৰ লগতে গাওঁৰক্ষী বাহিনীৰ সভাপতি/সম্পাদকে ধৰি ৯১ টা গাওঁৰক্ষী বাহিনী সদস্য উপস্থিত আছিল ৷