তিনিচুকীয়া

২৬ অক্টোবৰ

বিজয়া দশমীৰ দিনাই তিনিচুকীয়াৰ ৰাজপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাতে হাতে দা-চোকা অস্ত্ৰ-তৰোৱাল লৈ ৰাজপথত তাণ্ডৱ চলালে এদল যুৱকে। আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ। খেদি খেদি আটক কৰিলে দলটোৰ কেইবাজনো সদস্যক। বিজয়া দশমী উপলক্ষে বজৰং দলে উলিয়াইছিল মটৰ চাইকেল সমদল।

তিনিচুকীয়া চহৰৰ ৰাজপথৰ বিজয়া দশমীৰ দিনাই প্রায় ৭০ জন যুবকৰ এটা দলে তাণ্ডৱ চলায়। যুৱকৰ দলটোৱে মটৰ চাইকেল সমদল উলিয়াই হাতে হাতে দা-চোকা অস্ত্ৰ-তৰোৱাল লৈ ৰাজপথত মুক্ত বিচৰন কৰাত ৰাইজ আতংকিত হৈ পৰে। চৰকাৰৰ মাজত হঠাতে হাতে হাতে অস্ত্ৰ লৈ এদল যুৱক ওলাই অহা দেখি তিনিচুকীয়া আৰক্ষীয়ে ৰাজপথত খেদি খেদি দলটোৰ কেইবাজনো সদস্যক আটক কৰাৰ লগতে বহু কেইখন মটৰ চাইকেল জব্দ কৰে। নিজকে বজৰং দলৰ বুলি চিনাকি দিয়া এই সকল যুৱকে চোকা অস্ত্ৰ লৈ পুৱাৰ ভাগৰে পৰা চহৰখনত তাণ্ডৱৰ সৃষ্টি কৰিছিল। পুৱাৰে পৰা তিনিচুকীয়া আৰক্ষীৰ মুৰৰ কামোৰনী হৈ পৰা এই যুৱকৰ দলটোক অৱশেষত আৰক্ষীয়ে হিজুগুৰি অঞ্চলত পথৰ ওপৰত আগভেটি ধৰি উত্তম মাধ্যম দিয়াত যুৱকৰ দলটি পলাই পত্ৰং দিয়ে যদিও আৰক্ষীয়ে ৪ জন যুৱকক আটক কৰাৰ লগতে ৩ খন মটৰ চাইকেল জব্দ কৰে।

উল্লেখ্য যে কভিড প্ৰট’কলৰ অন্তৰ্গত দূৰ্গা পূজাত চৰকাৰ আৰু জিলা প্ৰশাসনে বহু নীতি নিৰ্দেশনা জাৰি কৰাৰ সময়ত দশমীৰ দিনা এই যুৱকৰ দলটোৰ তাণ্ডৱত দশমী শোভাযাত্ৰা উপভোগ কৰিবলৈ অহা ৰাইজ ভীতিগ্ৰস্থ হৈ পৰা পৰিলক্ষিত হয়। নিজকে বজৰং দলৰ বুলি চিনাকী দিয়া যুৱকৰ দলটোৱে দশমী উপলক্ষে অস্ত্ৰ-পূজন কৰি হাতে হাতে অস্ত্ৰ লৈ ৰাজপথলৈ ওলাই আহে বুলিও জানিব পৰা গৈছে।