নগাঁও, সংবাদ ৩৬৫, ২৪ আগষ্ট: নগাঁৱৰ শেতালিত বৃহস্পতিবাৰে নিশা কেইবা শতাধিক মহিলাই গৰকাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস মূৰ্দাবাদ আদি শ্লোগানেৰে ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে। দীৰ্ঘদিন ধৰি ডিমৌ-ৰাইডংগীয়া সংযোগী গৰকাপ্তানী পথৰ ডিমৌৰ পৰা শেতালী চাৰিআলি পথছোৱাৰ শোচনীয় অৱস্থাৰ ফলত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। যাৰ বাবে অঞ্চলটোৰ ৰাইজ তথা পথচাৰীক যমৰ-যাতনা ভোগাই আহিছে। সমষ্টিটোৰ বিধায়ক ডিম্বেশ্বৰ দাসক স্থানীয় ৰাইজে পথটোৰ দুৰৱস্থাৰ বাবে আবেদন কৰি আহিছে যদিও তাৰ প্ৰতি কোনো আওকান নকৰাৰ ফলত উত্তেজিত হৈ স্থানীয় ৰাইজ তথা মহিলা সকলে ক্ষোভিত হৈ বৃহস্পতিবাৰে নিশা ডিমৌ-ৰাইডংগীয়া সংযোগী গৰকাপ্তানী পথৰ ডিমৌৰ পৰা শেতালী চাৰিআলি পথছোৱা অৱৰোধ কৰি প্ৰতিবাদ মুখৰ কৰি তোলে। পথটোৰ এই শোচনীয় অৱস্থাৰ বাবে পথটো কেইবাঘণ্টা ধৰি অৱৰোধ কৰাৰ ফলত শ শ যান বাহন ৰাজপথত আবদ্ধ হৈ পৰে। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত ৰহা প্ৰশাসন, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।