গুৱাহাটী, ২৪ আগষ্টঃ ৰাজ্যৰ লাখ লাখ বানাক্রান্তক পর্যাপ্ত বান সাহাৰ্য্য প্রদানত চুড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বান সাহাৰ্য্যৰ বাবে পাবলগীয়া ১,১৩৮ কোটি টকা আদায় কৰি আনিবলৈ সক্ষম হােৱা নাই। দিল্লী আৰু দিছপুৰত একে দলৰ চৰকাৰ থকাৰ পিছতো ৰাজ্যৰ ২৩ লক্ষাধিক বানাক্রান্তই এমুঠি অন্ন আৰু এখনি বস্ত্ৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দায়িত্বহীনতা আৰু সদিচ্ছাৰ অভাৱৰ ফলতেই চলিত বৰ্ষৰ পর্যন্ত বানত শতাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে। ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক এইদৰে কঠোৰ ভাষাৰে সমালোচনা কৰে এআইইউডিএফৰ বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে। বিগত দুদিনত বৰপেটা লোকসভা সমষ্টিৰ অন্তর্গত বিভিন্ন বানাক্রান্ত অঞ্চল পৰিভ্ৰমণ কৰি সাংসদজনে জনতাৰ মাজত চাউল, দাইল, মিঠাতেলকে ধৰি প্রায় ২৫ কুইন্টল খাদ্য-সামগ্ৰী বিতৰণ কৰে৷ বানাক্রান্তৰ দুখ-দুৰ্দশাৰ বুজ লৈ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে কয় যে, ৰাজ্য চৰকাৰৰ প্ৰতিটাে বিভাগে আগতীয়াকৈ উমান পোৱাৰ পিছতো সদিচ্ছা নােহােৱাৰ ফলতে জনতা সীমাহীন দুৰ্গতিৰ সন্মুখীন হ’বলগীয়া হৈছে। উল্লেখ্য যে, বিগত দুদিনত সাংসদ চিৰাজুদ্দিন আজমলে বৰপেটা লোকসভা সমষ্টিৰ অন্তর্গত বাঘবৰৰ জয়পুৰ পথাৰ, তাৰাকান্দি, চতলা, হাপাচৰ, হাকানিয়াপাৰা,উত্তৰ মইনবৰী, জনীয়া সমষ্টিৰ ইচবপুৰ, দক্ষিণ অভয়াপুৰীৰ মেৰেৰাচৰ, বৰজনা, মালেগড়, কাবাইটাৰী, যোগীঘোপা উডুবি, মাজেৰ আলগা আদি বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। সাংসদগৰাকীয়ে লগতে কয় যে গুজৰাটৰ বানাক্রান্তৰ বাবে যদি কেন্দ্রীয় চৰকাৰে বৃহৎ পুঁজি সাহাৰ্য্য দিব পাৰে তেন্তে অসমৰ বানাক্রান্তৰ বাবে কিয় নোৱাৰিব। বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে আন্তঃগাঁঠনি উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে ২০ হেজাৰ কোটি টকা দিবলৈ আৰু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়।