গুৱাহাটী, ২৪ আগষ্টঃ পাৱাৰ অৱ এন্টৰ্নিৰ যোগে স্বত্বলাভ কৰা অমৃত প্ৰজেক্ট কোম্পানীৰ মৰিগাঁৱৰ বাঘজাপৰ ৫১ বিঘা মাটিৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰাৰ লগতে পোন্ধৰ দফীয়া দাবীত সদৌ উত্তৰ পূৰ্বাঞ্চল অমৃত গ্ৰুপ অৱ কোম্পানীজ ইনভেষ্টমেন্ট ফ’ৰামে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাঁচশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। অমৃত গ্ৰুপ অৱ কোম্পানীজ ইনভেষ্টমেন্ট ফ’ৰামৰ অধ্যক্ষ মাকনি বৰ্মনে জানিবলৈ দিয়া মতে, বিগত ১২ বছৰে বিভিন্ন নন- বেঙ্কিং ফাইনেঞ্চিয়েল কোম্পানীৰ দ্বাৰা প্ৰতাৰিত হৈ প্ৰশাসনৰ ওপৰত ক্ষোভ ব্যক্ত কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ অমৃত প্ৰজেক্ট নামৰ কোম্পানীৰ জৰিয়তে সেই সময়ৰ চৰকাৰী নেতা কিছুমানৰ প্ৰেৰণাত কলিকতাস্থিত কোম্পানী আহি অসম তথা উত্তৰ পূৰ্বাঞ্চল বিয়পি পৰিছিল আৰু নানান ধৰণৰ আকৰ্ষণীয় আঁচনি প্ৰয়োগ কৰি ধন সংগ্ৰহ কৰিছিল। প্ৰায় দুশ কোটিৰো অধিক টকা সংগ্ৰহ কৰাৰ পিচত পৰিকল্পিতভাৱে  চৰকাৰী নেতা তথা বিষয়ববীয়াই জনসাধাৰণৰ মূৰত ৰাম টাঙোন শোধাই কোম্পানী বোৰক পলায়নৰ সুবিধা কৰি দিয়ে যদিও কোম্পানীৰ মুৰব্বীয়ে উত্তৰ পূৰ্বাঞ্চলৰ জমাকাৰীৰ হিতাৰ্থে অসমত থকা সম্পত্তিৰ লগতে অন্য কিছুমান সম্পত্তি ফ’ৰামৰ হাতলৈ হস্তান্তৰ কৰিবলৈ বাধ্য হয়৷ কিন্তু এই ক্ষেত্রত ৰাজ্য চৰকাৰে সহায় কৰাৰ বিপৰীতে হস্তক্ষেপ কৰাৰহে প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে৷ প্ৰতিবাদকাৰীসকলে অমৃত প্ৰজেক্ট কোম্পানীৰ নিজা সম্পত্তিৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰক, মৰিগাওঁ উপায়ুক্ত হেমেন দাস মূৰ্দাবাদ, চৰকাৰী বিষয়াৰ চতুৰালি নচলিব, আমাৰ মাটিত কাৰো দালালৰাজ নচলিব আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে প্ৰতিবাদকাৰীয়ে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷