বৰহাট, ২৪জুনঃ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বৰহাট আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাত নাহৰফুটুকী বাঘে শ্ৰমিকক আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য  অনুসৰি, আহত শ্ৰমিকজন নন্দন জাল৷ নন্দন জালে বাগানত কাম কৰিবলৈ যাওঁতে বাগিচাৰ মাজত সোমাই থকা নাহৰফুটুকী বাঘটোৱে হঠাতে আক্ৰমণ কৰে৷ বাঘটোৰ কামোৰ আৰু হাতোৰাৰ আঁচোৰত নন্দন জালৰ গুৰুতৰ ভাৱে আহত হয়৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিছাত চাহপাত তুলি থকা অৱস্থাত বাগিচাৰ মাজত সোমাই  থকা নাহৰফুটুকী বাঘে বিচাশা ভূমিজ (৩২) নামৰ এগৰাকী মহিলা শ্ৰমিকক আক্ৰমণ কৰিছিল৷ বৰহাট চাহ বাগানত ক্ৰমাগত ভাবে বৃদ্ধি পোৱা বাঘৰ উপদ্ৰৱৰ বিষয়ে স্থানীয় ৰাইজে বৰবাট আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত অৱগত কৰিছিল৷ কিন্তু বন বিভাগে বাঘকেইটাক আটক কৰিবলৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিলক্ষিত নহ’ল৷ শেহতীয়াকৈ অঞ্চলটোত এটা দিনৰ বিৰতিত দুজনকৈ লোক নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হোৱা ঘটনাই অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ বাঘৰ আক্ৰমণ সন্দৰ্ভত স্থানীয় ৰাইজে বৰবাট আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত অৱগত কৰিছিল৷ স্তানীয় লোকৰ অভিযোগৰ পিছতো বন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰম লোক৷ বিশেষকৈ বৰহাট আঞ্চলিক বন বিভাগৰ নিষ্কিয় মনোভাৱত শংকিত হৈ পৰিছে সামান্তৱৰ্তী অঞ্চলটোৰ সৰ্বসাধাৰণ লোক৷ স্থানীয় লোকে চৰকাৰ তথা প্ৰশাসনক নাহৰফুটুকী বাঘটোক আটক কৰাৰ বাবে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ বৰ্তমান নাহৰফুটুকী বাঘৰ আক্ৰমণত আক্ৰমণত আহত বিচাশা ভূমিজ আৰু নন্দন জাল অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে৷