অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৪ জুনঃ অসমীয়া কথাছবি চামেলি মেম’ চাহাবত চাহাবৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা জৰ্জ বেকাৰৰ ওপৰত আক্ৰমণ। পশ্চিমবঙ্গৰ বর্ধমানত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা বিজেপি নেতা বেকাৰক আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে। উল্লেখ্য যে, পশ্চিমবঙ্গত দলৰ স্থিতি মজবুত কৰাৰ উদ্দেশ্যে বিজেপিয়ে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী। দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে দলৰ শীৰ্ষ নেতাই জিলাই জিলাই  বিভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰিছে। এনে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা সময়তে বিজেপিৰ নেতা তথা অভিনেতাজন  দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হয়। বৰ্তমান চিকিৎসাৰ বাবে অভিনেতা জনক কালনা মহকুমাৰ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।