সোণতলী, ২৪ জুনঃ দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওঁকাটা গাঁৱত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিবেশ বিৰাজ কৰিছে৷ নিহত মহিলা গৰাকী মফিদা বেগম৷ জাওঁকাটা গাঁৱৰ নজমুল হকৰ পত্নী তথা দুই সন্তানৰ মাতৃ মফিদা বেগমৰ মৃতদেহ নিশা প্ৰায় ১২ বজাত ঘৰৰ দমকলৰ ওচৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়৷ মৃত মফিদা বেগমৰ শৰীৰত কেইবাটাও আঘাতৰ স্পষ্ট চিন লক্ষ্য কৰি মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহৰ সৃষ্টি হৈছে৷ ঘটনাৰ তথ্য লাভ কৰাৰ পিছতেই সোণতলী আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্তৰ কাৰণে স্বামী নজমুল হকক আটক কৰাৰ লগতে  মহিলাগৰাকীৰ মৃতদেহ থানালৈ আনে৷ ইয়াৰ লগতে সোণতলী আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ পঠোৱাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, স্বামী নজমুল হকৰ পৰকীয় প্ৰেমত বাধা দিয়াৰ বাবেই পৰিকল্পিত ভাৱে স্বামীয়ে মহিলা গৰাকীক হত্যা কৰে৷