তামুলপুৰ, সংবাদ ৩৬৫, ১০ নৱেম্বৰ: ভাৰতৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান ইতিহাস বিজৰিত আনুষ্ঠানিক মৈত্ৰী স্থাপনৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱা উপলক্ষে ভূটানৰ বিভিন্ন অঞ্চলত সোণালী জয়ন্তী বৰ্ষ বছৰযোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে দেশ খনে। ইয়াৰে অংশ হিচাবে পূৱ – ভূটানৰ সদৰ চহৰ চামদ্ৰুপ ঝংখাৰত চামদ্ৰুপঝংখাৰ জিলা প্ৰশাসন আৰু ভাৰত-ভূটান মৈত্ৰী সন্মিলনৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষৰ শুভৰৰম্ভ কৰা হয়। তিনি দিনীয়া কাৰ্যসূচীৰে ৯ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হয় ভাৰত ভূটান মৈত্ৰীৰ পঞ্চাশ বছৰীয়া বৰ্ষপূৰ্তি উৎসৱ ৷ এই বৰ্ষপূৰ্তী উপলক্ষ্যে চানদ্ৰূপ ঝংখাৰত কালিৰে পৰা এখনি ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাখনৰ মূখ্য অতিথি হিচাপে বি টি এডিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে উপস্থিত থাকি প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে ৷ ১১ নৱেম্বৰৰ আবেলি ভূটানৰ চামদ্ৰুপঝংখাৰ এফ চি আৰু কুমাৰীকাটা এফ চিৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম খন খেল উদ্ধোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত প্ৰসংগত নাৰ্জাৰীয়ে কয়- ভাৰত- ভূটানৰ মাজত আনুষ্ঠানিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা দিনৰে পৰা আজিকোপতি দুয়োখন দেশৰ মাজত ভাতৃত্বপূৰ্ণ বন্ধুত্ব অব্যাহত আছে ৷ এই সম্পৰ্কই অদূৰ ভৱিষৎ আৰু অধিক টনকিয়াল হব বুলি কৈ ভাৰত – ভূটানৰ সামাজিক -সাংস্কৃতিক – অৰ্থনৈতিক আৰু কুতনৈতিক ভাৱে আগবাঢ়ি যাওক বুলি কয় ৷ এই অনুষ্ঠানত বি টি এডিৰ ৰেচম আৰু হস্ততাঁত বস্তৰ শিল্প বিভাগৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, চামদ্ৰুপঝংখাৰৰ অতিৰিক্ত উপায়ুক্ত পেমা ডোৰ্জী, মেয়ৰ কাৰ্মা চেৰাব, আৰক্ষী অধীক্ষক কৰ্ণেল ৰীজিং ডোৰ্জী, ভাৰত ভূটান মৈত্ৰী সন্মিলন চমুকৈ (বিফা) সমূহৰ বিষয়ববীয়া, অসমৰ বাক্সা জিলাৰ তামুলপুৰ কুমাৰীকাটাৰ বিশিষ্ট নাগৰিক সকল প্ৰমূখ্যে চামদ্ৰুপঝংখাৰ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকি দুয়োদেশৰ মৈত্ৰী স্থাপনৰ পঞ্চাশবছৰীয়া বৰ্ষৰ কাৰ্যসূচী উপভোগ কৰে ৷