মিৰ্জা, সংবাদ ৩৬৫, ১০ নৱেম্বৰ: চেকনিৰ আগত বিদ্যাৰ এক ভয়ংকৰ ঘটনা । শিক্ষকে দিয়া হোমৱৰ্ক নকৰাৰ বাবেই ২০১০চনত আজাৰা আগছিয়াৰ অষ্টম শ্ৰেণীৰ ১০ বছৰীয়া ছাত্ৰ মৌচমৰাজ মহন্ত নিৰ্মম প্ৰহাৰত মৃত্যু হৈছিল। মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। মৌচুমৰাজ মহন্তই চকুৰ অসুখৰ বাবে হোমৱৰ্ক নকৰাত ২০১০ চনৰ ২৫ মেত শিক্ষকে মৌচমৰাজ মহন্ত নামৰ ছাত্ৰজনৰ ভৰি-আঠু আদিত কৰিছিল উপৰ্যুপৰি প্ৰহাৰ । প্ৰথমে বিদ্যালয়খনৰ অজয় সিং নামৰ কম্পিউটাৰ শিক্ষকজনে ছাত্ৰ জনক গুৰুলা গুৰুলিকৈ প্ৰহাৰ কৰাৰ পিছতে প্ৰসুন গোস্বামী নামৰ উপাধ্যক্ষজনেও নিজৰ কোঠাত মাতি নি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল মৌচমৰাজক। এই অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ ঘৰ পোৱাৰ পিছতে হঠাৎ ক্ৰমে অসুস্থ হৈ পৰিছিল ছাত্ৰজন ৷ তাৰপিছতে পৰিয়ালে স্থানীয় চিকিৎসকৰ সহায় লৈ যদিও স্বাস্থ্যৰ বিশেষ কোনো উন্নতি নোহোৱাত পিছত অসুস্থছাত্ৰজনক দিছপুৰস্থিত জি এন আৰ চি চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল। কিন্তু অৱশেষত মৃত্যুৰে যুজি যুজি নিয়তিৰ ওচৰত হাৰ মানি ৭ জুনত চিকিৎসালয়তে কৰুণ মৃত্যুক সাৱতি লয় ছাত্ৰজনে। মৌচমৰাজৰ মৃত্যুৰ পিছতে দুৰ্ভগীয়া পৰিয়ালটি ২০১০ চনতে পলাশবাৰী আৰক্ষী থানাৰ কাষ চাপি ১১০/১০ নংত ৰুজু কৰিছিল এটা গোচৰ। কিন্তু আৰক্ষীৰ পৰা বিশেষ সহযোগিতা নোপোৱাত অৱশেষত পৰিয়ালটিয়ে কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । আৰু উচ্চ ন্যায়ালয়ে ৮ টা বছৰৰ পিছত অৱশেষত যোৱা ৮ নবেম্বৰ বৃহস্পতিবাৰে প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ ৰায় ৷ ৰায়ত ক্ষতিপুৰন হিচাপে পৰিয়ালটোলৈ ১২লাখ টকাৰ জৰিমনা ঘোষনা কৰিলে উচ্চ ন্যায়ালয়ে ৷ উচ্চ ন্যায়ালয়ে জৰিমনা বিহিলে ৰাজ্যৰ শিক্ষা বিভাগকো । ৰাজ্যৰ শিক্ষা বিভাগক ৫ লাখ টকা, শিক্ষা প্ৰতিষ্ঠানখনক ৫ লাখ টকা আৰু আসাম ষ্টেট লীগেল চাৰ্ভিছ অথৰীতিক ২ লাখ টকাৰ জৰিমনা বিহি অতিশীঘ্ৰে পৰিয়ালটোক দিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ বিগত ৮ বছৰে আৰক্ষীয়ে এতিয়ালৈও গ্ৰেপ্তাৰ কৰিব নোৱাৰা অভিযুক্ত দুই শিক্ষক প্ৰসুন গোস্বামী আৰু অজয় সিংৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজা ববীয়া এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে কঠোৰ নিৰ্দেশনা দিয়ে আৰক্ষীক। শিক্ষকৰ নামত এনেদৰে শাসন চলোৱা দুই অভিযুক্ত শিক্ষকক ফাচী প্ৰদান কৰিবলৈ দাবী জনাইছে পৰিয়ালে। পুত্ৰৰ মৃত্যুৰ পিছত খালি হৈ পৰি ৰৈছে পঢ়া টেবুলখন এইবুলি মন্ত্যব্য কৰে মৌচুমৰাজৰ পিতৃয়ে। অনুশাসনৰ নামত এনেদৰে সন্ত্ৰাস চলোৱা দুই শিক্ষকৰূপী দানৱ এতিয়াও মুক্ত আকাশৰ তলত আছে। কিন্তু উক্ত ঘটনা সংঘটিত কৰাৰ পিছতে বৰ্তমানেও পলাতক অৱস্থাত আছে কম্পিউটাৰ শিক্ষক অজয় সিং ।