বৰপেটা, সংবাদ ৩৬৫, ৩ নৱেম্বৰ: বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মহম্মদপুৰ গাঁৱৰ ইমান আলী (৪৮) সন্ধানহীন। ঘটনাৰ বিৱৰণীমতে কৰ্ম সূত্ৰে ইমান আলীৰ ল’ৰা দিলবৰ আলী চেন্নাই গৈছিল আৰু চেন্নাইত কোনোবা এগৰাকী ঠিকাদাৰৰ অধীনত কাম কৰিবলৈ লয়। হঠাৎ কেইদিনমানৰ আগতে ঠিকাদাৰজনে চেন্নাইত কাম কৰি থকা দিলবৰ আলীৰ গুৰুতৰ বেমাৰৰ খবৰ দি ইমান আলীক তেওঁক ঘৰলৈ লৈ যাবলৈ কয় আৰু কথামতে ইমান আলীয়ে নিজ ভ্ৰাতৃ ফুলবৰ আলীক লগত লৈ চেন্নাইলৈ ঢাপলি মেলে। পাছত ইমান আলীয়ে বেমাৰী পুত্ৰ দিলবৰ আলীক লগত লৈ চেন্নাইৰ পৰা চিকান্দৰ এক্সপ্ৰেচ ট্ৰেইনত ঘৰলৈ যাত্ৰা কৰিছিল। ঘৰত আহি থকাৰ পথত ২৯ অক্টোবৰৰ ৰাতি ৮-৩০ বজাত কিশানগঞ্জ পোৱাৰ আগতেই ইমান আলী ট্ৰেইনৰ পৰা নিৰুদ্দেশ হয়।এই মৰ্মাহত ঘটনাত অধিৰ চিন্তামগ্ন হৈ পৰে ইমান আলীৰ বেমাৰী পুত্ৰ দিলবৰ আলী আৰু ভ্ৰাতৃ ফুলবৰ আলী। ফুলবৰ আলীয়ে একপ্ৰকাৰ বলিয়াৰ দৰে ভ্ৰাতৃক ট্ৰেইনত বিচাৰ-খোচাৰ কৰিও নাপাই নাপাই উপায়ন্তৰ হৈ আগৰ ষ্টেচনত নামি বিভিন্ন প্ৰচেষ্টা কৰিও ইমান আলীক বিচাৰি নাপাই পিছৰ ট্ৰেইনত ইমান আলীৰ বেমাৰী পুত্ৰ দিলবৰ আলী আৰু ভ্ৰাতৃ ফুলবৰ আলী ঘৰলৈ আহে। কিন্তু আজিকোপতি ইমান আলীৰ কোনো সন্ধান পোৱা নাই।এই ঘটনাত ইমান আলীৰ পৰিয়াল বৰ্গৰ লগতে গাঁওবাসীও মৰ্মাহত হৈ পৰিছে। এইক্ষেত্ৰত পৰিয়াল তথা অঞ্চলবাসীয়ে ৰে’ল আৰক্ষী বিভাগক ইমান আলীৰ সন্ধান আহ্বান জনাইছে আৰু কোনো সদাশয় ব্যক্তিয়ে যদি দেখা পাই তেতিয়াহলে ৭৮৯৬৬৫৮৪৯৭ উক্ত নম্বৰত যোগাযোগ কৰাৰ কাৰণে অনুৰোধ জনাইছে ইমান আলিৰ পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে।