দিছপুৰ, ২১ জুলাইঃ অসমীয়া জাতিৰ অস্তিত্ব আৰু সংস্কৃতি কেঁচা মাটিতে আছে। কেঁচা মাটিতে আমাৰ কৃষি, কৃষ্টি, সংস্কৃতিৰ বিকাশ সাধন হৈছে। সেইবাবে এই গুণ সম্পন্ন আৰু উৰ্বৰা মাটিতে কৃষিৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে গ্ৰাম্য অর্থনীতিৰ শক্তিশালী বুনিয়াদ গঢ় দিব লাগিব। তেতিয়াহে ৰাজ্যখনে সকলো দিশতে শ্রেষ্ঠতা আহৰণ কৰিব পাৰিব আৰু কৃষক সকলেও মর্যাদা সহকাৰে সমাজত জীৱন-নির্বাহ কৰাৰ সুযোগ লাভ কৰিব। এই মন্চতব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ৷ চৰাইদেউ জিলা প্রশাসনৰ সৌজন্যত মাহমৰা সমষ্টিৰ বিধায়কৰ তত্বাৱধানত জিলা কৃষি বিভাগ আৰু মাহমৰা কেঁৱৰ গাঁওবাসীৰ সহযোগত অনুষ্ঠিত ন-ভুঁই শাওণৰ হাঁউৰি অনুষ্ঠানত ভূঁই ৰােপণ কৰি মুখ্যমন্ত্রীয়ে আয়োজিত সভাত ভাষণ দি এই কথা ব্যক্ত কৰে। মুখ্যমন্ত্রী সোণোৱালে কয় যে আমাৰ কেঁচা মাটিৰ উৰ্বৰতা বিশ্ব বিখ্যাত। সেইবাবে কেঁচা মাটিৰ উৰ্বৰতাৰ সুযোগ আমি সম্পূর্ণভাবে গ্রহণ কৰি বছৰেকত দুটা খেতিত আত্মনিয়োগ কৰি আমাৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। এই প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে কৃষক সমাজক আর্থিক ভাবে স্বাৱলম্বী কৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ বাবে প্রধানমন্ত্রীয়ে ইতিমধ্যে কৃষক সমাজ উপকৃত হ’ব পৰাকৈ গতিশীল আঁচনি আৰম্ভ কৰিছে। কিষাণ ক্রেডিট কার্ড, প্রধানমন্ত্রীৰ ফচল বীমা যোজনা, জনধন যোজনা, প্রধান মন্ত্রীৰ কৃষি সিঞ্চাই ইত্যাদিকে ধৰি বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ ইয়াৰ জড়িয়তে কৃষকৰ উৎপাদন বৃদ্ধি কৰি সমাজ জীৱনত কৃষকৰ স্বাভিমান আৰু মর্যাদা অধিক শক্তিশালী ৰূপত প্রতিপন্ন কৰিব পৰা যাব। অসম চৰকাৰেও প্রধানমন্ত্রীৰ আদৰ্শৰে অনুপ্রাণিত হৈ কৃষক শ্রেণীক আর্থিক ভাবে আগুৱাই নিবলৈ পদক্ষেপ গ্রহণ কৰিছে। অসমৰ ২৬ হাজাৰ গাঁৱত উন্নয়নৰ ৰূপৰেখা নির্ণয় কৰাৰ বাবে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ কাম আৰম্ভ কৰা হৈছে। ৰাজ্যখনৰ গাঁও সমূহৰ সম্পদ আৰু সম্ভাৱনাৰ সঠিক প্রয়োগৰ জৰিয়তে কৃষকৰ আৰ্থিক দিশ উন্নত কৰাৰ লগতে গ্রাম্য পর্যটন খণ্ডৰ বিকাশ সাধন কৰিব বিচৰা হৈছে। ইয়াৰ বাবে বাজেটত ৩০ হাজাৰ কোটি টকা নিৰ্দ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ এই আঁচনিৰ অধীনত গাওঁ সমূহত ট্ৰেক্টৰ যোগান ধৰাৰ বাবে চৰকাৰে ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে যাতে কৃষকৰ উৎপাদন দুগুণলৈ বৃদ্ধি কৰিব পৰা যায়। মুখ্যমন্ত্রীয়ে কৃষক সকলক ইয়াৰ সুফল আহৰণ কৰাৰ বাবে আহ্বান জনায়। কৃষক সকলে যাতে সহজে কিষাণ ক্ৰেডিত কার্ড লাভ কৰিব পাৰে তাৰ বাবে বেংক সমূহক আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে এই কার্ডৰ জৰিয়তে কৃষি ঋণ লাভ কৰিলে কৃষক সকলে অধিক উৎসাহৰে কৃষি উৎপাদন বৃদ্ধিৰ বাবে আত্মনিয়ােগ কৰিব পাৰিব।কৃষক সকলে উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে কৃষি বিপণন ব্যৱস্থাটাে শক্তিশালী কৰাৰ বাবে ইতিমধ্যে প্রক্রিয়া আৰম্ভ কৰা হৈছে। অসমৰ কৃষকে উৎপাদন বৃদ্ধিত গুৰুত্ব দিব লাগিব। কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটাে চৰকাৰে নিশ্চিত কৰিব৷ ৰাজ্য চৰকাৰে কৃষি উৎপাদন বৃদ্ধিৰ লগতে প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবেও দৃঢ়তাৰে কাৰ্যসূচী ৰূপায়ন কৰিছে। ৰাজ্যখনৰ সকলো অঞ্চলক সামৰি ১০ কোটি বিভিন্ন প্রজাতিৰ ফল-মূল, ঔষধিযুক্ত গছ ৰােপণৰ বাবে লক্ষ্য নিদ্ধাৰ্ৰণ কৰি আঁচনি ৰূপায়নৰ কাম আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে অকল প্ৰদূষণমুক্ত অসমে নহয় ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰটাে এক ইতিবাচক প্ৰভাৱ পৰিব৷ মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে সমাজৰ প্ৰতিটাে স্তৰৰ পৰা দুৰ্নীতি আঁতৰ হ’ব লাগিব। আঁচনি সমূহ ৰূপায়নত দুৰ্নীতি হ’লে হিতাধিকাৰীয়ে সুফল লাভ কৰিব নােৱাৰে। প্রশাসনৰ সর্বস্তৰৰ পৰা দুৰ্নীতি আঁতৰ কৰাৰ বাবে চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰােপ কৰিছে যাতে কৃষকে সহজে সুফল লাভ কৰিব পাৰে। অনুষ্ঠানৰ পূর্বে মুখ্যমন্ত্রীয়ে মাহমৰা কেঁৱৰ গাঁৱত নিজেই ভূঁই ৰােপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত শিলাবৃষ্টি, বতাহ, ধুমুহাত ক্ষতিগ্রস্ত লোকসকলক মুখ্যমন্ত্ৰীয়ে চেক প্ৰদান কৰে। ইয়াৰ উপৰি কিষাণ ক্ৰেডিত কার্ডৰ হিতাধিকাৰীক কার্ড প্ৰদান কৰাৰ লগতে তিনিখন পাৱাৰ টিলাৰাে কৃষকৰ মাজত বিতৰণ কৰে। ডিজিটেল ব্যৱস্থাটাে জনপ্রিয় কৰাৰ বাবে দুটা পি অ’ এছ বিতৰণ কৰাৰ উপৰি মহিলা সৱলীকৰণৰ বাবে উজ্জ্বলা আঁচনিৰ অধীনতো হিতাধিকাৰীৰ মাজত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্রদান কৰে। মুখ্যমন্ত্রীয়ে কৃষকলৈ মাটিৰ পট্টা আৰু আৱণ্টন পত্র প্রদান কৰাৰ উপৰি চােম গছৰ পুলিও বিতৰণ কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক যোগেন মোহন, তপন কুমাৰ গগৈ, ঋতুপর্ণ বৰুৱা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক পর্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত আছিল।