টিংখাং, ২৪ জুলাইঃ বান আৰু গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ বহু অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়া ৰোধৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। ডিব্ৰুগড়ৰ টিংখাং বিধান সভাৰ সমষ্টিৰ অধীনস্থ আঘোণীবাৰীত বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ নামত বহুৱা জিঅ’ বেগ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা তিনিটা মাহ নৌহওঁতে নদীৰ কোবাল সোঁতে উটুৱাই নিলে ৫০ মিটাৰ দৈৰ্ঘ্যৰ নদীৰ পাৰৰ বালি ভৰ্তি বস্তা। উল্লেখ্য যে, আঘোণীবাৰীত বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ কাৰণে পাঁচজন ঠিকাদাৰে ৭ কোটি ৫৬ লাখ টকা ব্যয়েৰে ৯০০মিটাৰ দৈৰ্ঘ্যৰ জিঅ’ বেগ আঁচনিখন ৰূপায়ন কৰিছিল। ইয়াৰে দেবাশিস দাস নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰা ঠাইত ইটোৰ পাছত সিটোকৈ কেবাটাও বস্তা নদীত জাহ গৈছে। স্থানীয় ৰাইজৰ অভিযোগ মতে, খহনীয়া ৰোধৰ নামত ব্যৱহাৰ কৰা বালি ভৰ্তি বস্তাত কমকৈ বালি দিয়াৰ লগতে ভৰ পানীৰ মাজত স্থাপন কৰাত নদীৰ কোবাল সোঁতে বস্তাকেইটা উটুৱাই নিয়ে। বিভাগটোক একাংশ ঠিকাদাৰ আৰু ইঞ্জিনীয়াৰে আঁচনিসমূহ পৰিকল্পিত আৰু সঠিক ভাবে ৰূপায়ণ নকৰাত আঘোণীবাৰীত বুঢ়ীদিহিং নদীৰ খহনীয়াই ভয়াবহ ৰূপ লৈছে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আঁচনিখন শীঘ্ৰে পুনৰ কটকটীয়াকৈ ৰূপায়ন কৰিবলৈ দাবী জনাইছে৷