গুৱাহাটী, ২১ জুলাইঃ কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাই নিশা পলাশবাৰী বজাৰৰ বিভিন্ন স্থানত লগতে পলাশবাৰী ৰাসস্থলী প্ৰাংগনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বিশ হাজাৰ টকাৰো অধিক বিদেশী সুৰা জব্দ কৰে৷ পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত একাংশ ব্যৱসায়ীয়ে কৌশলেৰে বিক্ৰী কৰিবলৈ মজুত কৰি থোৱা বিভিন্ন বেণ্ডৰ ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ প্ৰায় ছটা কাটুন জব্দ কৰে৷ আৰক্ষীয়ে জব্দ কৰা সুৰাখিনি বিভাগীয় নিয়মানুসৰি আবকাৰী বিভাগক চমজাই দিয়ে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, পলাশবাৰী বজাৰ, পলাশবাৰী ৰাসস্থলী লগতে ইয়াৰ আশে-পাশে দেশীয় সুৰাৰ লগতে অবৈধ ভাবে বিদেশী সুৰাৰ অবাধ প্ৰচলনে অঞ্চলটোৰ শৈক্ষিক সামাজিক পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই অবৈধ বিদেশী সুৰাখিনি জব্দ কৰে৷