আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৯ মে’

ৰাজ্যজুৰি তীব্রতৰ হৈ উঠিছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বিগত কিছুদিন ধৰি উজনিৰ পৰা নামনিলৈকে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ পূৰ্ণ সহযোগ। এইবাৰ শিৱসাগৰ জিলাত ঐক্য সেনা অসমৰ অভিযোগ আৰু বিশেষ খবৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৰাইজৰ সহযোগত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ নগৰৰ বিজি ৰোডত শনিবাৰে পুৱা এএছ-০৪-আৰ-৬২৫৪ নম্বৰৰ এখন বুলেটত অহা দুজন ড্ৰাগছ সৰবৰাহকাৰী ক্ৰম কোঁৱৰপুৰৰ চামলুং লাহন আৰু বিজি ৰোডৰ বুলবুল আলী ওৰফে ভাটীআমক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

সৰবৰাহকাৰী যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১৫ টা ব্ৰাউন চুগাৰৰ কন্টেইনাৰ, দুটা মবাইল ফোন আৰু নগদ ধন জব্দ কৰে। উল্লেখ্য যে যুৱক দুজনে অনলাইন ডেলিভাৰীৰ কাম কৰা বুলি পৰিচয় দিছে যদিও প্ৰকৃততে যুৱক দুজন দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।