লক্ষীমপুৰ, সংবাদ ৩৬৫, ১ চেপ্টেম্বৰ: লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভৰতপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমা বৰাক যোৱা ৩০ আগষ্টত বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী তথা ছাত্ৰ – ছাত্ৰী সকলৰ অভিভাৱকে অনুষ্ঠিত কৰা তথা ভৰতপুৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহত অনুষ্ঠিত হোৱা বিদায় সভাখনৰ সভাপতিত্ব কৰে জিনাৰাম হাজৰিকাই ৷ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা গাম্ভীৰ্য্যপূৰ্ণ বিদায় সভাত বিদায়ী প্ৰধান শিক্ষক গৰাকীক ফুলাম গামোচা, শৰাই, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপাৰে সম্ভাষণ জ্ঞাপন কৰা হয় ৷ সভাত উপস্থিত থকা মামনি মহন্ত, দিলিপ গগৈ, মোহন শইকীয়া, পূৰ্ণ হাজৰিকা আদি বিশিষ্ট ব্যক্তি সকলে পৰমা বৰাৰ কৰ্মনিষ্ঠা, কৰ্মৰ প্ৰতি থকা একাগ্রতাক ভূয়সী প্ৰশংসা কৰে ৷ সভাৰ শেষত প্ৰাক্তন শিক্ষাৰ্থী , অভিভাৱক সকলে বিদায়ী প্ৰধান শিক্ষক গৰাকীক বাইক ৰেলিৰে আদৰি নিজ গৃহ লৈকে আগবঢ়াই দিয়ে ৷