গোসাইগাঁও, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বৰষুণৰ অভাৱত কৃষক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। নামনি অসমৰ বিশেষকৈ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা, বাজুপাওঁ, শ্ৰীৰামপুৰ, জেকোবপুৰ আদিকে ধৰি বিভিন্ন এলেকাত দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত বিঘাই বিঘাই ধাননি পথাৰত প্ৰাদুৰ্ভাৱ ঘটিছে বিভিন্ন ঘাহ-বনৰ। ফলত এলেকাসমুহৰ সাধাৰণ কৃষকে কপালত হাত দিব লগীয়া হৈছে। ধান খেতিত পানী দিয়াৰ কোনো ধৰণৰ ব্যবস্হা নথকাত চিন্তিত হৈ পৰিছে কৃষক সকলে । প্ৰচণ্ড ৰ’দ তথা গৰমৰ ফলত কিছুমান ধাননি পথাৰত মাটি চিৰাল ফাট মেলিব আৰম্ভ কৰিছে। উল্লেখযোগ্য যে উক্ত অঞ্চলবোৰত বিশেষকৈ বছৰত এবাৰকৈ ধান উৎপাদন হয় । সাধাৰণ কৃষকে দাবী কৰিছে যে ধাননি পথাৰবোৰত পানীৰ ব্যৱস্থা নথকা কাৰণে পথাৰবোৰত ঘাহ-বনৰ প্ৰাদুৰ্ভাৱ সৃষ্টি হ’বলৈ সক্ষম হৈছে। যদি এনেকুৱাই পৰিস্থিতি হয় তেন্তে কৃষক সকলৰ পৰিয়ালে পেটত গামোচা গাঁঠিব লাগিব বুলি দাবী কৰে কৃষক সকলে। যদিও কিছুমান ধাননি পথাৰত জলসিঞ্চন ব্যৱস্থা আছে তথাপিও কেতিয়াও পানী যোগানৰ ব্যৱস্থা লাভ নকৰিলে কৃষকে। মাকটাই গাঁওৰ পৰা ২নং বাজুগাঁওৰ ওপৰেদি দাওৱাগুৰী লৈকে প্ৰায় পাচ কিল’মিটাৰ দৈৰ্ঘ্যৰ জলসিঞ্চনৰ ডোং নিৰ্মাণ কৰা হৈছিল আজিৰ পৰা ২০ বছৰ পূৰ্বে। কিন্তু আজিলৈকে এটোপালো পানী নাপালে কৃষক সকলে। ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন ভাইৰিগুৰীস্থিত হাৰাপুটা জলসিঞ্চন ব্যৱস্থাৰো একে ধোঁৱাচাং অৱস্থা। গতিকে অঞ্চলসমুহত জলসিঞ্চনৰ ডোংসমুহ মেৰামতি কৰি পথাৰসমুহত পানী যোগান ধৰাৰ উপৰিও ঘাহ, বন, কীট-পতংগ আদিবোৰক ধ্বংস কৰিবলৈ প্ৰয়োজনীয় ঔষধ-পাতি যোগান ধৰিবলৈ অঞ্চলসমুহৰ সাধাৰণ খেতিয়কে অসম চৰকাৰক দাবী জনাইছে ।