আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

৩ নৱেম্বৰ

মঙলদৈৰ পৰা নাবালিকাক অপহৰণ কৰিবলৈ দক্ষিণ শালমাৰালৈ আহি ৰঙাঘৰৰ আলহী হ’ল ৭ জনকৈ দুস্কৃতিকাৰী। মিছ কলৰ জৰিয়তে নাবালিকা গৰাকী প্ৰেমত পৰিছিল অপহৰণকাৰী দলটোৰ এজন যুৱকৰ সৈতে। ৰাইজে আটক কৰি আৰক্ষীক গতাই দিলে অপহৰণকাৰী দলটোক।

ৰাজ্যত ক্ৰমাৎ দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নাৰীৰ লগত জড়িত অপৰাধৰ ঘটনা। বিগত কিছুদিন ৰাজ্যত যৌতুকৰ বাবে নাৰীৰ ওপৰত নিৰ্যাতনৰ কেইবাটাও ঘটনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে বিভিন্ন সময়ত সংঘটিত হৈ আছে কিশোৰী-যুৱতীৰ আহৰণৰ ঘটনা। বিভিন্ন সময়ত বহু নাবালিক কিশোৰীৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্কৃতিকাৰীয়ে ভুৱা প্ৰলোভনেৰে নাবালিকা সকলক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ বহু ঘটনা সংঘটিত হৈছে। তেনে এক ঘটনা সোমবাৰে নিশা সংঘটিত হৈছে দক্ষিণ শালমাৰাত।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত টেংগুনমাৰী গাঁৱৰ পৰা এগৰাকী নাবালিকাক অপহৰণ কৰিবলৈ অহা ৭ জনকৈ দুষ্কৃতিকাৰীক ৰাইজে আটক কৰে। দৰং জিলাৰ মঙলদৈৰ পৰা এএছ-০১-ভি-৬১৩৯ নাম্বৰৰ টাটা ছাফাৰী গাড়ীলৈ ৭ জনকৈ দুস্কৃতিকাৰী টেংগুনমাৰী গাঁৱত উপস্থিত হৈছিল এগৰাকী নাবালিকাক অপহৰণ কৰাৰ উদ্দেশ্যে। স্থানীয় ৰাইজৰ সন্দেহ হোৱাত ৰাইজে অপহৰণকাৰীৰ দলটোক আটক কৰি সুখচৰ আৰক্ষীক গতাই দিয়ে৷ জানিব পৰা মতে দলটোৰ এজন যুৱকৰ
মিছ কলত ভালপোৱা হৈছিল টেংগুনমাৰী গাঁৱৰ এগৰাকী নাবালিকাৰ লগত৷ আটকাধীন অপহৰণকাৰী সকল হৈছে ক্ৰমে ছমিৰ দাস, প্ৰদীপ দাস, প্ৰশান্ত কুমাৰ নাথ, অমৰ দাস, অৰুণ দাস, অশ্বনী কুমাৰ নাথ আৰু আব্দুল ৰিজ্জাক নামৰ গাড়ী চালক গৰাকী।

বৰ্তমান সুখচৰ আৰক্ষীয়ে আহৰণৰ অভিযুক্ত দলটোৰ সদস্য সকলক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে নাৰী সৰবৰাহৰ লগত জড়িত একাংশ দুস্কৃতিকাৰীয়ে মিছ কলৰ জড়িয়তে কিশোৰী-যুৱতী সকলক প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যৰ দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰি আহিছে। আৰক্ষী, প্ৰশাসনৰ লগতে বিভিন্ন সময়ত এনে দুস্কৃতিকাৰীৰ পৰা আঁতৰি থাকিবলৈ কিশোৰী-যুৱতী সকলক সজাগ কৰিবলৈ সজাগতা সৃষ্টি কৰাও দেখিবলৈ পোৱা গৈছে।