চিৰাং

৩ নৱেম্বৰ

মঙলবাৰে চিৰাং জিলা বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক সভা বাসুগাঁৱত অনুষ্টিত হয়। বাসুগাঁও পৌৰ সভাৰ সভাকক্ষত অনুষ্টিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ৰঞ্জিত দাসে সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমক কয় যে এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলৰ লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপ থাকিবই বিজেপি দল। প্ৰথম অৱস্থাত বিজেপিয়ে বিটিচি দখলৰ কথা কৈছিল যদিও হঠাৎ ৰাজ্যিক সভাপতিজনে সুৰ সলনি কৰি নেতৃত্ব নহ’লে অংশীদাৰী হোৱাৰ দাবী কৰে।

দুপৰীয়া অনুষ্টিত সভাত ৰঞ্জিত দাসে আৰু কয় যে বিটিচি নিৰ্বাচনৰ দিন যিহেতু ঘোষনা কৰা নাই সেয়ে আনুষ্টানিকভাৱে আমি বিটিচি নিৰ্বাচনৰ বাবে সভা সমিতি এতিয়াও আৰম্ভ কৰা নাই। বিটিচিত দলীয় স্থিতি শক্তিশালী কৰাৰ ব্যৱস্থা কৰিছো। বিটিচিত বিজেপিৰ ২ লাখ সদস্য আছে, প্ৰতিটো জিলা, মণ্ডল আৰু বুথ কমিটী পৰ্যায়ত আমাৰ কাৰ্যকলাপ চলিয়ে আছে, আমি বিটিচিত ২৬ টা আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো। ইয়াৰ লগতে এটা নিৰ্দলীয় আছে গতিকে আমি ২১ টা আসন পাওঁ তেন্তে আৰু অইনৰ সহায় নালাগে। বিপিএফ বা ইউপিপিএল কাৰ সৈতে মিত্ৰতা থাকিব সেয়া বিটিচিবাসীয়েহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনায় ৰঞ্জিত দাসে। সোমবাৰৰ পৰা এমাহ জোৰা কাৰ্যসূচীৰে বিটিচি’ৰ নিৰ্বাচনী পৰিৱেশ পৰ্যালোচনা কৰাৰ কথাও জনায় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। প্ৰতিটো সমষ্টীত একো একোজন মন্ত্ৰী বিধায়কক দায়িত্ব দিয়া বুলি জানিবলৈ দি ৰঞ্জিত দাসে বিজেপিৰ উত্থানত বিভিন্ন ৰাজনৈতিক দল শংকাত পৰা বুলিও দাবী কৰে। বিজেপিয়ে বিটিচি পৰিষদীয় নিৰ্বাচনত এইবাৰ ডাবল ডিজিট পাবলৈ সক্ষম হোৱাৰ দাবী কৰি ৰঞ্জিত দাসে কয় যে বিজেপিয়ে এইবাৰ বিটিচিৰ ৰাইজৰ লগতহে মিত্ৰতা কৰিছে কোনো ৰাজনৈতিক দলৰ লগত নহয়। কেবাটাও পৰিষদ আমাৰ দখলত আছে গতিকে বিটিচিয়ো আমাৰ দখললৈ আহিব সেয়া নিশ্চিত। ৰাহুল গান্ধীয়েই বিজেপিক গ’ল দিব নোৱাৰিলে বাকীবোৰৰ কথা কৈ লাভ নাই। বিজেপিক গ’ল দিব বিচৰা সকলে শূণ্যতে গ’ল দিব লাগিব বুলি কয় ৰঞ্জিত দাসে। ৰঞ্জিত দাসে অহা বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নে পাটাচাৰকুচি বা অইন ঠাইত সেয়া দলে নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট কৰে।

কংগ্ৰেছ-এআইইউডিএফে মহা শূন্যৰ লগত মিত্ৰতা কৰি মহা শূণ্যই পাব বুলিও কয় বিজেপিৰ সভাপতি গৰাকীয়ে। এআইইউডিএফৰ উত্থানত কংগ্ৰেছ শংকিত হৈছে আৰু সেয়ে কংগ্ৰেছে মিঞা ৰাজনীতিৰে মিঞা মিউজিয়ামৰ ৰাজনীতি আৰম্ভ কৰিলে বুলিও মন্তব্য কৰে ৰঞ্জিত দাসে। ইফালে সাধাৰণ ৰাইজক জলাকলা খুৱাই থকা অত্যাৱশ্যকীয় সমগ্রীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপিৰ সভাপতি গৰাকীয়ে আওপকীয়াকৈ মুল্যবৃদ্ধি হোৱা নাই বুলি কব বিচাৰে। বিটিচিৰ বাহিৰৰ বড়ো সকলে বিজেপিক সমৰ্থন জনোৱাৰ কথাও জনাই তেওঁ লগতে কয় যে নৱেম্বৰৰ শেষৰ পিনে অসমবাসীয়ে জানিব বহু নেতাই বিজেপিত যোগদান কৰিব। জনসাধাৰণ যেতিয়া বিজেপিত আহিব তেতিয়া জন নেতাও বাধ্য হৈ বিজেপিত যোগদান কৰিব। কোকৰাঝাৰৰ তুলসিবিলৰ ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে এই এটা মাত্ৰ পৰিয়াল নহয় ভাৰতৰ বহু ঠাইত এনে ঘটনা হৈছে। মোদী চৰকাৰে এই কৰ’ণাকালত বহু সহায় কৰিছে গতিকে খাদ্যৰ অভাৱত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে ৰঞ্জিত দাসে।

চিৰাং জিলা বিজেপিৰ কাৰ্যনিৰ্বাহ সভাত উপস্থিত থাকি মন্ত্ৰী ভৱেশ কলিতাই কয় যে বিটিচি’ৰ পৰিৱেশৰ প্ৰতি লক্ষ্য কৰিলে বুজিব পাৰি যে চাৰিওখন জিলাতে বিজেপিৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। সকলো লোকে বিজেপিক সমৰ্থন দিছে গতিকে পৰিষদ গঠনত আমি থাকিম। মুল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে মুল্যবৃদ্ধি কৰা নাই। এইটো সময়ত মুল্যবদ্ধি সাধাৰণভাৱেই হয় বুলিও মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই । তেওঁ আৰু কয় যে বিটিচি’ত বিপিএফৰ সৈতে মিত্ৰতা নাই বিধানসভাত আছে। তেওঁ হাগ্ৰামা মহিলাৰীৰ গ’ল দিয়া সন্দৰ্ভত কয় যে ৰাহুল গান্ধীয়েই বিজেপিক গ’ল দিব পৰা নাই।