কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ চৰকাৰে ছাত্ৰ ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ হিচাপে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে যদিও সেয়া একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে ভেকোভাওনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ কলগাছিয়াৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজন বাবে অহা চাউল ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনত ৰান্ধি নিদিয়াকৈ পেলাই থোৱাৰ বাবে কুইণ্টলে কুইণ্টলে পঁচি যাবলৈ ধৰিছে। মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল পঁচি যোৱাৰ পিছত পঁচা চাউল ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে। ছাত্ৰ ছাত্ৰীৰ পঁচা চাউল বিতৰণ কৰা ঘটনাই ছাত্ৰ ছাত্ৰী, অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ৰামপুৰ এম ই আৰু ৰামপুৰ এল পি স্কুল দুখন যোৱা বৰ্ষৰ নৱেম্বৰ মাহত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিকৰন কৰাৰ সময়ত ৩০ কুইণ্টল চাউল আৰু টকা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল বাতেনে এম ই স্কুলৰ প্ৰধান শিক্ষকৰ পৰা চমজি লৈছিল। ইয়াৰ পিছতো নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে টকা আৰু চাউল বিদ্যালয়খনলৈ আহিছিল যদিও ছাত্ৰ ছাত্ৰীক সঠিকভাবে মধ্যাহ্ন ভোজন নিদিয়াত বহু চাউল পোক আৰু এন্দুৰে খাই নষ্ট কৰাৰ লগতে পঁচি যায়। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল বাতেনে বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত খোৱাৰ বাবে অনুপযোগী চাউল অভিভাৱক ৰাইজৰ অজ্ঞাতে ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰে।