নলবাৰী, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ নলবাৰী জিলাত মাহীয়েকৰ বেংক একাউণ্ট হেক কৰি ভাগিনে টকা উলিয়াই নিয়াৰ এক ঘটনা সংঘটিত হৈছে। নলবাৰী জিলাৰ ৰাজনগৰৰ কুলজিত তালুকদাৰ নামৰ এজন যুৱকে টিহুত থকা মাহীয়েক চম্পা দাসৰ বেংক একাউন্ট কৌশলেৰে হেক কৰি ৬০ হাজাৰ টকা উলিয়াই নিয়ে। কুলজিত তালুকদাৰৰ টিহুত থকা মাহীয়েক চম্পা দাসে এই কথা গম পাই কুলজিতৰ বিৰুদ্ধে টিহু থানাত এজাহাৰ দাখিল কৰে। টিহু থানাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে কুলজিতক নলবাৰীৰ নিজ বাসগৃহৰ পৰা আটক কৰে। নলবাৰী আৰক্ষীয়ে কুলজিতক আটক কৰি স্বাস্থ্য পৰীক্ষা কৰি নিজৰ জিম্মাত ৰাখিছে। আনহাতে কুলজিতে নিজকে এজন বেংক কৰ্মচাৰী বুলি আৰক্ষীক জানিবলৈ দিয়ে।