মানিকপুৰ, ১৯ এপ্ৰিলঃ চৰকাৰ তথা প্ৰশাসনৰ নিস্কিয়তাৰ বিৰুদ্ধে মানিকপুৰৰ বালাৰচৰত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ অঞ্চলটোৰ স্থানীয় বাসিন্দাই নিজাববীয়াকৈ এখন ৰাজহুৱা দলং নিৰ্মাণ কাম আৰম্ভ কৰিবলৈ দুজন পথৰ ভিক্ষাৰীৰ জড়িয়তে লাইখুঁটা স্থাপন কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ উল্লেখযোগ্য যে ২০১২ চনৰ পৰা বিচ্ছিন্ন হৈ থকা বালাৰচৰ-মুলবাৰী সংযোগী দলংখন নিৰ্মাণ বা মেৰামতিৰ ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধি আৰু চৰকাৰে নিৰৱ ভূমিকা গ্ৰহণ কৰিছিল। ফলত জনপ্ৰতিনিধি আৰু চৰকাৰক ধিক্কাৰ দি ৰাইজে নিৰ্মাণ কৰিবলৈ লৈছে দলং৷ প্ৰতিবাদকাৰী জনসাধাৰণে দুগৰাকী পথৰ ভিক্ষাৰীক দি এই দলঙৰ লাইখুঁটা স্থাপন কৰায়৷ প্ৰতিবাদী কাৰ্যসূচীত ৩নং বালাৰচৰ নৱজ্যোতি এম ই মাদ্ৰাছা, মাতৃ কল্যাণ ছোৱালী এম ই মাদ্ৰাছা, বালাৰচৰ-মাত্ৰাঘোলা হাইস্কুল, বালাৰচৰ প্ৰি-ছিনিয়ৰ মাদ্ৰাছা, দক্ষিণ বালাৰচৰ এল পি স্কুল, জনপ্ৰিয় এম ই মাদ্ৰাছা, আৰু ২ নং বালাৰচৰ এল পি স্কুলৰ সহস্ৰাধিক কণ কণ ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদৰ সময়ছোৱাত বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান দি ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে পোকালাগী নদীৰ ওপৰত জনতাই দান-বৰঙণি আৰু বাঁহ সংগ্ৰহ কৰি নিৰ্মাণ কৰি আছে বাঁহৰ দলং। কোনো জন প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াত প্ৰায় ৫ বছৰ ধৰি ৰাইজে এনেকৈ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে।