গুৱাহাটী

২৪ জুন

মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে বৃহস্পতিবাৰে ‘মাডাৰ্ছ অ’ল্ড এজ হোম’ত উপস্থিত হয় মন্ত্ৰী অজন্তা নেওগ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হোম’ত উপস্থিত হৈ মন্ত্ৰী অজন্তা নেওগে শেহতীয়াকৈ বৃদ্ধাৱাসনখনৰ পৰিচালনাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বেমেজালিৰ বুজ লয়। মন্ত্ৰী অজন্তা নেওগ বৃদ্ধাৱাসনখনৰ পৰিচালনাৰ দায়িত্বত থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ লগত আলোচনাত মিলিত হয়।

‘মাডাৰ্ছ অ’ল্ড এজ হোম’ৰ পৰিচালনাৰ দায়িত্বত থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ লগত আলোচনাত মিলিত হৈ মন্ত্ৰী অজন্তা নেওগে শীঘ্ৰে সকলো বেমেজালিৰ ওৰ পেলাই ‘মাডাৰ্ছ অ’ল্ড এজ হোম’ত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলকৰ অসুবিধাসমূহ দূৰ কৰাৰ নিৰ্দেশ দিয়ে। পৰিচালনাৰ দায়িত্বত থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাই আগন্তক দিনত সমিলমিলেৰে পূৰ্বৰ দৰে বৃদ্ধাৱাসনখন পৰিচালনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীক। ইফালে বৃদ্ধাৱাসনখন পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী অজন্তা নেওগে। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখন সদায় দয়াবদ্ধ বুলি কয় মন্ত্ৰী অজন্তা নেওগে।

উল্লেখ্য যে হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ৰ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগােচৰ হোৱাত বিষয়টোত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক নির্দেশ দিয়ে। ‘মাডাৰ্ছ অল্ড এজ হােম’ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰাৰ বাবে সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগকো নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।