কলগাছিয়া, সংবাদ ৩৬৫, ১৩ অক্টোবৰ: প্ৰত্যেক মহাবিদ্যালয়ত একো একোখন ছাত্ৰ একতা সভা গঠন হয়। সমগ্ৰ অসমত বিভিন্ন মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন চলি থকাৰ সময়তে শনিবাৰে কলগাছিয়া লাংলা বি বি মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দুই প্ৰাৰ্থীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট। জানিব পৰামতে এন এছ ইউ আই ৰ এটা প্ৰাৰ্থীৰ সমৰ্থকে আন এটা প্ৰাৰ্থীক গো-বেক আৰু ভিডিও ৰেকৰ্ডিং কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই হতাহতি। ৰাতিপুৱাৰে পৰা মহাবিদ্যালয় খনত শান্তিপূৰ্ণভাৱে ছাত্ৰ একতা সভাৰ নিৰ্বাচন চলি আছিল। কিন্তু ইয়াৰ মাজতে এন এছ ইউ আইৰ এটা প্ৰাৰ্থীৰ সমৰ্থকে জিন্দাবাদ আৰু গো-বেক ধ্বনি দি কলেজৰ সন্মুখেদি সমদল কৰি গৈ থকা অৱস্থাতে এটা প্ৰাৰ্থীৰ সমৰ্থক ভিডিও ৰেকৰ্ডিং কৰাৰ বাবেই দুজন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত হতাহতি হয়। পিছত আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও ছাত্ৰ-ছাত্ৰী আৰু সমৰ্থকৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰে।