কলাইগাঁও

৬ নৱেম্বৰ

মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ আগমনকলৈ কলাইগাঁৱত সৃষ্টি হয় উতপ্ত পৰিস্থিতিৰ। বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ আগ মুহূৰ্তত জ্বলিল দুই নেতাৰ প্ৰতিমূৰ্তি। অসমৰ ৰাইজক চূড়নত প্ৰতাৰণা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে।

বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ সকলোবোৰ ৰাজনৈতিক দল তৎপৰ হৈ থকাৰ মাজতে বড়ো ভূমিৰ ৰাইজৰ মাজত বিজেপি দলৰ স্থিতি সবল কৰিবলৈ শুকুৰবাৰে ওদালগুৰি জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় প্ৰভাৱশালী মন্ত্ৰী হিচাপে জনাজাত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ওদালগুৰিৰ কেইবাঠাইত বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰত ভাগ লৈ কলাইগাঁৱত উপস্থিত হোৱাৰ আগ মুহূৰ্তত ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ’ল ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মা।

খাদ্য সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি প্ৰতিবাদ আৰু অসমৰ ৰাইজক বিজেপি দলে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি কলাইগাঁও আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে উতলা প্ৰতিবাদ সাব্যস্ত কৰে। কলাইগাঁৱত বিজেপিৰ দুয়ো গৰাকী নেতা উপস্থিত হোৱাৰ আগ মুহূৰ্তত প্ৰতিবাদকাৰী সকলে বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি গ’ বেক, ৰঞ্জিত দাস মূর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ চৰকাৰৰ কাম নাই আদি শ্ল’গানেৰে কলাইগাঁৱৰ ৰাজপথ উতলা কৰি তোলে।

উল্লেখযোগ্য যে শুকুৰবাৰে আবেলিৰ ভাগত বিজেপিৰ দুই নেতাই কলাইগাঁও মহাবিদ্যালয় প্ৰাংগণত বিটিচি’ৰ ৩৫ নং মুদৈবড়ি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাৰ সমৰ্থনত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। কলাইগাঁও আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ অভিযোগ বিজেপি চৰকাৰখনে অসমৰ ৰাইজক চূড়ান্ত বিশ্বাসঘাটক কৰিছে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ লগতে অন্যান্য সকলো দিশতে বিজেপি চৰকাৰখনে অসমৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰিছে।