মানিকপুৰ ২৯ মেঃ শৌচালয়ত পৰিণত হৈছে মানিকপুৰৰ বৰভিলা অংগনবাদী কেন্দ্ৰটো৷ বঙাইগাঁওৰ মানিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বৰভিলা অংগনবাদী কেন্দ্ৰটো নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাত নিৰ্মাণৰ পিছতে কেন্দ্ৰটো ধ্বংশস্তুপত পৰিণত হয়৷ উল্লেখ্য যে, বৰভিলা অংগনবাদী কেন্দ্ৰটো  ২০০৭ চনত নতুনকৈ নিৰ্মাণ কৰা হয়৷ কিন্তু গৃহটোৰ আন্তঃগাঁঠনি অতি নিম্নমানৰ হোৱাত ধুমুহাত নতুন গৃহটো উৰুৱাই লৈ যায়। বৰ্তমানে অংগনৱাদী কেন্দ্ৰটোত দুষ্ট চক্ৰই শৌচালয়ত পৰিণত কৰিছে। নতুন গৃহটো নিৰ্মাণৰ সময়ৰে পৰা বৰভিলা উপস্বাস্থ্য কেন্দ্ৰত শিশু সকলক পাঠদান কৰা হৈছে। কিন্ত উপস্বাস্থ্য কেন্দ্ৰত নাৰ্ছ আহিলে শিশু সকলক উলিয়াই দিয়া হয়  নতুবা সোনকালে ছুটি দিয়া হয়। প্ৰতি মঙ্গলবাৰ আৰু শুক্ৰবাৰত এনে হোৱাৰ উপৰিও বুধবাৰে মাজে মাজে ছুটি দিবলগীয়া হয়। ২০০৭ চনতে বিভাগীয় ভাবে অৱগত কৰিছিল যদিও কোনো পৰিৱৰ্তন নেদেখিলে, সেয়ে পৰিৱৰ্ত্তনৰ শ্লোগান দি ক্ষমতা দখল কৰা সৰ্বা চৰকাৰে পৰিৱৰ্তন কৰিব বুলি স্হানীয় ৰাইজে আশা কৰিছে।