কলা, বিজ্ঞান আৰু বাণিজ্যৰ শীৰ্ষত অলকা-ৰাজাবাবু-প্ৰশান্ত

সংবাদ ৩৬৫ ডেস্ক, ৩০ মেঃ আজি ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে অসমৰ ইমূৰৰপৰা সিমূৰলৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। এই বছৰ ৰাজ্যৰ প্ৰায় ২.৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ১,৯৪,০৬৯ গৰাকী পৰীক্ষাৰ্থী উৰ্ত্তীণ হয়৷ কলা শাখাত ২১ গৰাকী, বিজ্ঞান শাখাত ২৮ গৰাকী আৰু বাণিজ্য শাখাত ১৬ গৰাকীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থান লাভ কৰে৷ বৰপেটাৰ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ছাত্ৰী অলকা দাস, নগাঁওৰ ৰামানুজন জুনিয়ৰ কলেজৰ ৰাজাবাবু শইকীয়া আৰু গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ প্ৰশান্ত গোৱেলে ক্ৰমে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰে৷ উল্লেখ্য যে, এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ১,৮৮,৬২৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় আৰু ১,৩৭,৯৯৩ গৰাকী উৰ্ত্তীণ হয়৷ প্ৰথম বিভাগত ১৯,৪৭৫ গৰাকী, দ্বিতীয় বিভাগত  ৪৪,১৭০ গৰাকী আৰু তৃতীয় বিভাগত ৭৪,৩৪৮ গৰাকীয়ে স্থান লাভ কৰে৷ একেদৰে বিজ্ঞান শাখাত ৩৬,৫১৬ গৰাকী  অৱতীৰ্ণ হয় আৰু ৩১,৪৯৩ গৰাকী উৰ্ত্তীণ হয়৷ ইয়াৰে প্ৰথম বিভাগত ১৬,৩৮১ গৰাকী, দ্বিতীয় বিভাগত  ১৩,০৬৩ গৰাকী আৰু তৃতীয় বিভাগত ২,০৪৯ গৰাকী উত্তীৰ্ণ হয়৷ আনহাতে বাণিজ্য শাখাত ১৭,৪৭৮ গৰাকী শিক্ষাৰ্থীৰ অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১৪,৪৫৮ গৰাকী উৰ্ত্তীণ হয়৷ ইয়াৰে ৩,৮০২ গৰাকী প্ৰথম বিভাগ, ৪,৮৮৯ গৰাকী দ্বিতীয় বিভাগত আৰু ৫,৭৬৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। বিগত বৰ্ষৰ ৭৯.৯২ৰ বিপৰীতে এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭৩.১৬ শতাংশ। এইবাৰ কলা শাখাত ৭৩.১৬ শতাংশৰ বিপৰীতে বিজ্ঞান শাখাত ৮৬.২৪ শতাংশ আৰু বাণিজ্য শাখাত ৮২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। আনহাতে উৰ্ত্তীণ  পৰীক্ষাৰ্থীৰ ১৯,৪৭৫ গৰাকীয়ে প্ৰথম, ৪৪,১৭০ গৰাকীয়ে দ্বিতীয় আৰু ৭৪,৩৪৮ গৰাকী লাভ কৰে তৃতীয় বিভাগ।