যোৰাবাট, ২৯ মেঃ সোণাপুৰ আৰক্ষী থানা অন্তৰ্গত বৰ্ণিহাটৰ বৰখাটৰ উৰল গাঁৱৰ বাসীন্দাসকলে অবৈধ ভাবে অধিক ওজনৰ চিমেন্ট কঢ়িওৱা ২২ খন ট্ৰাক ঘেৰাও কৰি জিলা পৰিবহণ বিষয়াৰ হাতত চমজাই দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ নিদেৰ্শক বৃদ্ধাগুষ্ঠ দেখুৱাই সোণাপুৰ আৰক্ষী থানাৰ বিষয়া মঞ্জু গগৈৰ নেতৃত্বত এটা আৰক্ষী দলে অধিক ওজনৰ চিমেন্ট কঢ়িওৱা ট্ৰাক কেইখনক নিৰাপত্তা দি গড়কাপ্তানী পথেৰে লৈ গৈছিল৷ উৰল গাঁৱৰ বাসীন্দাসকলে অবৈধ ভাবে অত্যাধিক ওজনৰ চিমেন্ট কঢ়িওৱা ট্ৰাককেইখনক দেখি মাজ পথত ঘেৰাও কৰি কামৰূপ জিলা পৰিবহণ বিভাগক খবৰ দিয়ে৷ খবৰ লাভ কৰাৰ লগে লগে কামৰূপ জিলা পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটা দল ঘটনা স্থলীত উপস্থিত হৈ ট্ৰাককেইখনৰ নথি-পত্ৰ আৰু চালকৰ মোবাইল ফোন জব্দ কৰে৷ পৰিবহণ বিভাগে ট্ৰাককেইখনৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে৷ উল্লেখ্য যে, বৰ্ণিহাটৰ বৰখাটৰ গড়কাপ্তানী পথেৰে দৈনিক আৰক্ষীৰ সহযোগত অবৈধ ভাবে অধিক ওজনৰ চিমেন্ট আৰু কয়লা কঢ়িওৱা বহু ট্ৰাক আহ-যাহ কৰে৷ ৰাষ্ট্ৰীয় ঘাইপথত ধৰা পৰাৰ ভয়ত এই ট্ৰাক সমূহে আইন উলংঘন কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ সলনি সৰু সৰু গড়কাপ্তানী পথ সমূহেৰে যাতায়ত কৰে৷ স্থানীয় লোকে প্ৰশাসনক অৱগত কৰাৰ পিছতো প্ৰশাসনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুন্ন উৰল গাঁৱৰ বাসীন্দাসকলে অবৈধ ভাবে অধিক ওজনৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক ঘেৰাও কৰি পৰিবহণ বিভাগক চমজাই দিয়ে৷