গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুম্বাইত কংগ্ৰেছ দলক আক্ৰমণ চলাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছ দলে। বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই এক সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ চলায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুম্বাইত সাংবাদিকৰ আগত ৰাইজে এতিয়া বিৰোধীক পাহৰিলে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় “ৰাইজৰ সন্দৰ্ভত আমাৰ কোনো মন্তব্য দিবলগীয়া নাই কিন্তু মুখ্যমন্ত্ৰীয়ে যে বিৰোধীক পাহৰা নাই সেইটো কিন্তু সচাঁ”।

কংগ্ৰেছ নেতা গৰাকীয়ে কয় “মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উত্তৰ গুৱাহাটী পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা মনোনয়ন দাখিল কৰা পাঁচগৰাকীকৈ প্ৰাৰ্থীৰ ঘৰত যোৱা নিশাৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি দিবলৈ যোৱা কেইজন কোন? আমি এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যিক নিৰ্বাচন আয়োগৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানক লিখিতভাৱে অভিযোগ দাখিল কৰিছো যে, প্ৰাৰ্থীসকলৰ নিৰাপত্তা নিৰ্বাচনৰ দিনালৈকে সুনিশ্চিত কৰিব লাগে। কংগ্ৰেছ মুক্ত অসমৰ কথা কোৱা “বিজেপিয়ে” পৌৰ নিৰ্বাচনত মনোনয়ন দাখিল কৰা আমাৰ প্ৰাৰ্থী সকলক ভয়-ভাবুকি আৰু প্ৰলোভনৰে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাবলৈ যোৱা কালিৰে পৰা ঠায়ে ঠায়ে এনে অনৈতিক কাৰ্য্যত লিপ্ত হৈছে কিয়? আমি অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগক এই ক্ষেত্ৰত মুক্ত আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত প্ৰাৰ্থীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছো”।

অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ চলাই কয় “অসমৰ মুখ্যমন্ত্ৰীয়ে, ৰাহুল গান্ধীয়ে চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত মোদী চৰকাৰৰ পৰাহে স্পষ্টীকৰণ দাবী কৰা কাৰ্যত বাজিব লাগে টেমি কটাৰী বাজিছে হাচতি। প্ৰতিৰক্ষা মন্ত্ৰী মৌন কিয়? আমাৰ নেত্ৰী ইন্দিৰা গান্ধী দেখোন পাকিস্তানকে দুটুকুৰা কৰি পেলালে, সেইটো লুকাই আছে নেকি? যদি ভাৰতীয় সেনাক বিজেপিয়ে তেওঁলোকৰ ক্ষমতা লাভৰ ৰাজনীতিৰ অংশ বিচাপে ব্যৱহাৰেই কৰা নাই তেনেহলে চাৰ্জিকেল ষ্ট্ৰাইকৰ হডিংত মোদীৰ ফটো কিয়”? কংগ্ৰেছ নেতা গৰাকীয়ে প্ৰশ্ন কৰে “ইমান কটকটীয়া নিৰাপত্তাৰ মাজত নিৰ্বাচন প্ৰাকক্ষণত পুলওৱামাত ইমান সেনা জোৱানৰ মৃত্যু কেনেকৈ হ’ল? কেনেকৈ কটকটীয়া নিৰাপত্তাৰ মাজত সেনাৰ কনভয়ত প্ৰায় ১২০০ কেজি আৰডিএক্সৰ দ্বাৰা বিস্ফোৰণ ঘটাবলৈ সমৰ্থ হোৱা শক্তিটো আজিলৈকে চিহ্নিত নহ’ল কিয়”?

অপূৰ্ব ভট্টাচাৰ্য্যই লগতে কয় “কেনেকৈ সেনা সঞ্চালকৰ বাতৰি সদৰি হ’ল? সেই প্ৰশ্ন অৱতাৰণা কৰাটো কেনেকৈ পাপ হ’ব পাৰে? সত্য ফাদিল হোৱাৰ ভয়ত মুখ্যমন্ত্ৰীৰ এনে আস্ফালন নেকি”? হিমন্ত বিশ্ব শৰ্মাই, সেনা বাহিনীৰ প্ৰতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ সন্মানেই নহয়, দ্বায়িত্বও আছে বুলি মন্তব্য কৰি অপূৰ্ব ভট্টাচাৰ্য্যই কয় “আমি আমাৰ সেনা বাহিনীক লৈ গৌৰৱ কৰোঁ। তেওঁলোকৰ ত্যাগ আৰু বলিদানক শ্ৰদ্ধাৰে সোঁৱৰো কিন্তু তেওঁলোকক ব্যৱহাৰ কৰি ক্ষমতা লাভৰ ৰাজনীতি আমি কৰা নাই”।