নলবাৰী : নলবাৰীত ভয়ংকৰ পথ দুর্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে ৬ জনকৈ লোক। আহত সকলৰ ভিতৰত আছে মণিপুৰৰ লোক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে।

নলবাৰী জিলাৰ টিহু মহকুমাৰ নাথকুছিৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে ৬ জনকৈ লোক। আহত সকলৰ দুজনৰ নাম ভগদত্ত পাটোৱাৰী আৰু সাৰদা মিশ্ৰ বুলি জানিব পৰা গৈছে।

পথ দুর্ঘটনাত আহত হোৱা ৬ জন লোকৰ ভিতৰত মণিপুৰৰ লোকো আছে। এএছ-০১-ডিইউ-৩৭৭৩ নম্বৰৰ এখন চুইইফট বাহন ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি থকা অৱস্থাত মণিপুৰৰ পৰা ছিলিগুৰি অভিমুখী গৈ থকা এমবি-৭৪-ৱাই-৭৪০৩ নম্বৰৰ ৱাগনাৰ বাহনখনে চুইইফট বাহনখনত প্ৰচণ্ড খুন্দা মাৰে।

দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আহত সকলো লোককে নালবাৰীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।