নতুন দিল্লী, ১৬ জুনঃ ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণত অভিযুক্তক আণ্ডাৰৱৰ্ল্ড ডন আবু ছালেম সহ ৬ জন টাডা আদালতে দোষী বুলি ৰায় দিয়ে৷ ১৯৯৩ চনৰ ১২ মাৰ্চত মুম্বাইত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত ২৫৭ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ৭১৩ গৰাকী লোক আহত হৈছিল৷ টাডা আদালতে ২০০৭ চনত এই ঘটনাৰ প্ৰথম শুনানীত অভিনেতা সঞ্জয় দত্ত, য়াকুব মেননসহ ১০০ জন লোকক দোষী সাব্যস্ত কৰিছিল৷ য়াকুব মেননক যোৱা বৰ্ষৰ ৩০ জুলাইত ফাঁচী দিয়া হয়৷ অভিনেতা সঞ্জয় দত্তই কাৰাবাস খাটি বৰ্তমান জেলৰ পৰা ওলাইছে৷ মুম্বাই বোমা বিস্ফোৰণৰ দ্বিতীয় শুনানীত টাডা আদালতে আবু ছালেমৰ লগত মুস্তাফা দোছা, ৰিয়াজ ছিদ্দীকী, ফিৰোজ আব্দুল, ৰছিদ খান, তাহিৰ মাৰ্চেন্ট আৰু কৰীমুল্লা খানক দোষী সাব্যস্ত কৰে৷ আনহাতে আব্দুল কায়ুমক প্ৰমাণৰ অভাৱত আদালতে মুকলি কৰি দিয়ে৷ আদালতে আবু ছালেমক বিস্ফোৰণত প্ৰয়োজনীয় অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহৰ দোষত দোষী সাব্যস্ত কৰে৷ আবু ছালেমে অভিনেতা সঞ্জয় দত্তক ৫৬ টা ৰাইফল, ২৫০ কাৰ্টুজৰ লগতে অন্যান্য সামগ্ৰী বাসগৃহত যোগান ধৰিছিল৷ টাডা আদালতে মুস্তাফা দোছাক মুম্বাই বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ লগতে বিস্ফোৰণৰ ঘটনা সংঘটিত কৰা, আব্দুল কয়ুমক সঞ্জয় দত্তৰ ওচৰত অস্ত্ৰ ৰখাৰ অপৰাধত, তাহিৰ মাৰ্চেন্টক কিছু লোকক পাকিস্তান পঠিওৱাৰ ষড়যন্ত্ৰত অপৰাধী বুলি ৰায়দান কৰে৷