ৰঙিয়া, ১৬ জুনঃ পৰিবৰ্তনকামী চৰকাৰ অহাৰ পিছতো পৰিবৰ্তন নহ’ল ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ। ৰাজ্যখনত আছে এতিয়াও বহু চিকিৎসালয়, যি নামতহে চিকিৎসালয়, কামত নাহে সাধাৰণ জনতাৰ। ৰঙিয়াৰ সমীপৰ বাক্সাৰ কাউৰবাহাত থকা একমাত্ৰ স্বাস্থ্যকেন্দ্ৰ কাউৰবাহা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ শোচনীয় অৱস্থাৰ বাবে সাধাৰণ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে। এজাক বৰষুণ দিলেই স্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰত পানীৰে ভৰি পৰে। চাদৰ পৰা পানী  পৰি থকাত চিকিৎসালয়খনৰ বিছনাত থাকিব নোৱাৰে ৰোগীসকল। যাৰ ফলত ৰোগী তথা চিকিৎসকে যমৰ যাতনা ভূগিব লগা হৈছে। আনহাতে স্বাস্থ্য কেন্দ্ৰটোত ৰোগী অনুপাতে নাই পৰ্যাপ্ত চিকিৎসক। মাত্ৰ দুজন চিকিৎসকেৰে চলি আছে স্বাস্থ্যকেন্দ্ৰটো। স্বাস্থ্যকেন্দ্ৰটোত নাই প্ৰয়োজনীয় বিনামূলীয়া ঔষধ, বিকল হৈ আছে ইনভাৰ্টাৰ, জেনেৰেটৰত ভৰাবলৈ নাই তেল । এনে নানান সমস্যাৰ মাজতে চলি আছে অতি পিছপৰা অঞ্চল কাউৰবাহাৰ সাধাৰণ ৰাইজৰ চিকিৎসাৰ একমাত্ৰ আশা-ভৰষাৰ স্থল কাউৰবাহা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো। স্থানীয় লোকে চৰকাৰক অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে শীঘ্ৰে চিকিৎসালয়খন মেৰামতি কৰাৰ উপৰি পৰ্যাপ্ত চিকিৎসক নিযুক্তিৰ লগতে পৰ্যাপ্ত বিনামূলীয়া ঔষধ যোগান ধৰাৰ দাবী জনাইছে।