মডেলঃ হিয়া কলিতা

ফেশ্বন জগতত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে হিয়া কলিতা৷ ১৯৯৪ চনৰ ৭ নৱেম্বৰত বাক্সা জিলাৰ ২ নং গোৰেশ্বৰত জন্ম লাভ কৰা হিয়াৰ পিতৃ বিশ্বজিত ডেকা আৰু মাতৃ ৰাধিকা ডেকা৷ অসমীয়া বিভাগত স্নাতকোত্তৰ আৰু হিন্দী সাহিত্যত প্ৰবীণ ডিগ্ৰীধাৰী এই গৰাকী যুৱতীয়ে কথক নৃত্যত বিশাৰদ ডিগ্ৰী লাভ কৰিছে৷ ফেশ্বন জগতত মডেল হিচাপে নিজকে প্ৰতিষ্ঠা কৰা হিয়া কলিতাই ৰাজ্যৰ ফেশ্বন জগতৰ লগতে বলিউডটো আগশাৰীৰ মডেল হিচাপে নিজকে গঢ়ি তোলাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সমাজৰ প্ৰতি নিজৰ দ্বায়িত্ব উপলদ্ধি কৰি হিয়াই বৰ্তমান এটা স্বেচ্চাসেৱী সংগঠনৰ লগতো জড়িত হৈ বহুটো সমাজ-কল্যান মূলক কাৰ্য্যসূচী পালন কৰিছে৷ হিয়াই আজৰি সময়ত অভিনয় আৰু নৃত্য কৰি ভালপোৱা হিয়াই ভবিষ্যতে অসমীয়া আৰু বলিউডৰ ছবিজগতৰ এগৰাকী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠাৰো আশা কৰিছে৷ এই মডেলগৰাকীৰ ভবিষ্যতলৈ আমাৰ তৰফৰ পৰা থাকিল অনেক শুভ কামনা৷

  

ফটোগ্ৰাফাৰঃ ইউনিক বৰা
হিয়া কলিতাৰ যোগাযোগ নম্বৰঃ ৯১২৭৪ ৩৩৫৭৫

মেইল আইডিঃ [email protected]