বৰপথাৰ, সংবাদ ৩৬৫, ৪ নৱেম্বৰ: বৰপথাৰৰ খণ্ড বনবিষয়া ৰাজীৱ কাকতিয়ে প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বিগত বহু বছৰ ধৰি অবৈধ ভাৱে চলি থকা ধনশিৰি নদীৰ বালি মহলৰ বনবিভাগে নিবিদা আহ্বান কৰিছিল। খণ্ড বনবিষয়া গৰাকীয়ে প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আৱণ্টন দিয়া বালি মহলত সাঙুৰ খাই পৰে ম্যাদী পট্টাৰ মাটি ৷ তদুপৰি বাৰিষা ধনশিৰি নদীৰ বাঢ়নী পানীয়ে স্থানীয় ৰাইজৰ কৃষিভূমি নষ্ট কৰিব নোৱাৰাকৈ যি এটা মথাউৰি আছে তাৰ ওপৰেদি বৰপথাৰ খণ্ড বনবিষয়া কাৰ্য্যালয়ৰ এলেকাত বন বিভাগে আৱণ্টন দিয়া চাৰি নম্বৰ বালি মহলটোৰ মহলদাৰ গৰাকীয়ে প্ৰতিদিনেই বালি খনন কৰি তাৰ ওপৰৰেই বালি গাড়ী অহা যোৱা কৰে ৷ যাৰ বাবে মথাউৰিটো কিছু কিছু ঠাইত বহি গৈছে। এনেকৈ যদি প্ৰতিদিনেই বালি ভৰ্তি ট্ৰাক সমূহ মথাউৰিৰ ওপৰেৰে অহা-যোৱা কৰে তেতিয়া মথাউৰিটো চিঙি যোৱাৰ সম্ভাৱনা প্ৰৱল। যদি মথাউৰিটো চিঙি যায় তেতিয়া বাৰিষা ধনশিৰি নদীৰ পানীয়ে কৃষকৰ কৃষিভূমি নষ্ট কৰিব ৷ যাৰ ফলত অঞ্চলটোৰ কৃষিজিবী ৰাইজ ব্যাপক ক্ষতিৰ সন্মুখীন হ’ব ৷ এই আশংকাৰ বাবেই স্থানীয় ৰাইজে ইয়াৰ প্ৰতিবাদ কৰাত মহলদাৰে খড়গহস্তহৈ ৰাইজৰ মাজৰে দুজন ব্যক্তিৰ ওপৰত বৰপথাৰ আৰক্ষী থানাত গোচৰ তৰে ৷ মহলদাৰৰ এনে কাৰ্যত স্থানীয় লোকসকল ক্ষোভিত হৈ পৰে আৰু কোনো কাৰণতে এজন ব্যক্তিৰ উন্নয়ণৰ বাবে হাজাৰ জনৰ ক্ষতি কাৰ্যক সমৰ্থন নকৰো বুলি কয় স্থানীয় ৰাইজে ৷ আৰু এই সকলো কাৰ্য্যৰ বাবে বৰপথাৰৰ খণ্ড বন বিষয়া গৰাকীয়ে দায়ী বুলি কয় স্থানীয় ৰাইজে ৷