যোৰহাট, ১৬ অক্টোবৰঃ অক্ষয় পাত্ৰ ফাউণ্ডেশ্বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানক ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পন কৰা কাৰ্যক কেন্দ্ৰ কৰি যোৰহাটত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰায় শতাধিক ৰান্ধনী সহায়কে চৰকাৰ বিৰোধী শ্ল’গানেৰে যোৰহাটৰ আকাশ বতাহ উত্তাল কৰি তোলে৷ মধ্যাহ্ন ভোজন আঁচনি অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনক অৰ্পণৰ দায়িত্ব বাতিল কৰা, ২০০৫ চনৰ পৰা বাকেয়া ধন ৰান্ধনী কৰ্মীক শীঘ্ৰেই আদায় দিয়া, অসম চৰকাৰে ৰান্ধনী কৰ্মীক অতিৰিক্ত ৫হাজাৰ মাননি দিয়া, বছৰটোত ১২ মাহৰ বাবে মাননি দিয়া, অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনে আত্মসাৎ কৰা ৰন্ধন কৰ্মীৰ মাননিৰ ধন উভতাই দিয়া আদি বিভিন্ন দাবীত ইউনিয়নে যোৰহাট জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, মধ্যাহ্নু ভোজনৰ ৰান্ধনী আৰু সহায়িকাই সকলে ২০০৫ চনৰ পৰা ২০০৯ চনলৈকে বিনা বেতনে আৰু ২০০৯ চনৰ পৰা বৰ্তমানলৈকে কেৱল এহাজাৰ টকা দৰ্মহাত কাম কৰি আহিছে৷ অসম চৰকাৰে অক্ষয় ফাউণ্ডেশ্বনক মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব প্ৰদান কৰাৰ পাছত এই মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাই সকলে চৰম অনিশ্চয়তাত ভূগিছে৷