গুৱাহাটী, ১৬ অক্টোবৰঃ স্বেচ্ছাসেৱী সংগঠন মেক বেটাৰ লাইফে গুৱাহাটীত ভাৰতৰ সৰ্ববৃহৎ যুৱ সমাৰোহ মেক ৱেক এছিয়া ২০১৭-১৮ৰ আয়োজন কৰিছে৷ মেক বেটাৰ লাইফে গুৱাহাটীৰ পঞ্চ তাৰকাযুক্ত হোটেল ৰেডিছন ব্লুত এক ফেছন শ্ব’ৰ যোগে সমাৰোহখন মুকলি কৰে৷ মেক বেটাৰ লাইফৰ প্ৰতিষ্ঠাপক ছাহিল চৌধুৰীয়ে সদৰি কৰা মতে, ভাৰতৰ সৰ্ববৃহৎ যুৱ সমাৰোহখন চাৰি মাহযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে৷ সমাৰোহত ফেছন শ্ব’ৰ লগতে মেক ৱেক ছেফ প্ৰতিযোগিতা, টেলেন্ট হান্ট প্ৰতিযোগিতা, গেমিং, অটো স্পৰ্টছৰ উপৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ উদ্যোক্তা সকলে বিভিন্ন শিক্ষানুষ্ঠানত গৈ যুৱ সকলৰ মত বিনিময় কৰাৰ লগতে অডিছনো ল’ব৷ ইচ্ছুক ব্যক্তিয়ে ভাৰতৰ সৰ্ববৃহৎ যুৱ সমাৰোহ মেক ৱেক এছিয়া ২০১৭-১৮ত অংশগ্ৰহণৰ কাৰণে মেক বেটাৰ লাইফৰ বামুনী মৈদামস্থিত কাৰ্যালয়ত বা ৭৩৯৯৯ ২২৩৩৯, ৭৩৯৯৯ ৩৩২২৮ নম্বৰত যোগযোগ কৰিব পাৰিব৷

 

ভিডিঅ’ চাবৰ কাৰণে তলৰ লিংকত ক্লিক কৰক-