যোৰহাট, ১৫ ছেপ্টেন্বৰঃ যোৰহাটৰ গড়আলিস্হিত নৰ্থ ইষ্ট টেকন’লজি নামৰ বিপনীত পুৱতি নিশা চৰ্ট চাৰ্কিটৰ ফলত জুই লগাত লক্ষাধিক টকাৰ সম্পতি অগ্নিদগ্ধ হয়৷ প্ৰাপ্ত তথ্য মতে, পুৱতি নিশা প্ৰায় ১.৩০ বজাত এই ঘটনা সংঘটিত হয়৷ বিপনীখনৰ স্বত্বাধিকাৰী মনোজ ঘোষে জানিবলৈ দিয়া অনুসৰি অগ্নিদগ্ধৰ ফলত দোকানখনত প্ৰায় ১৬ লাখ টকাৰ সম্পতি ক্ষতিগ্ৰস্ত হয়। এই অগ্নিকাণ্ডত নৰ্থ ইষ্ট টেকন’লজিৰ কাষতে থকা এখন বিউটি পাৰ্লাৰো বহু পৰিমাণে ক্ষতিগ্ৰস্থ হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে সময়ত আহি জুই নুমুৱাবলৈ সক্ষম হোৱাত অগ্নিদগ্ধ হোৱাৰ পৰা ক্ৰমাত ৰক্ষা পৰে দুটাকৈ কাৰ্যালয়। অগ্নিকাণ্ডৰ ফলত বিদুৎ পৰিবাহী তাঁৰসমূহ ক্ষতিগ্ৰস্ত হোৱাত অঞ্চলটোত বৰ্তমানলৈ বিদ্যুত যোগান ব্যাহত হৈ আছে।