সংবাদ ৩৬৫ ডেস্ক, ১৪ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ মৰাণ থানাৰ অধীনস্থ বামুণবাৰীৰ এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি কৃষক নেতা অখিল গগৈয়ে হাতত একে ৪৭ লৈ ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্রাম কৰিব বুলি কৰা মন্তব্যক অতি গুৰুতৰ আৰু ৰাষ্ট্রবিৰোধী বুলি উল্লেখ কৰি ডিব্ৰুগড় আৰক্ষীয়ে মৰাণ থানাত গোচৰ ৰুজু কৰি গোচৰৰ ভিত্তিত যোৱাকালি অখিল গগৈক গ্রেপ্তাৰ কৰে। অখিল গগৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই চক বজাৰৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰক হিটলাৰী শাসন বন্ধ কৰি অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়৷ যোৰহাটৰ চেলেংহাটৰ লুখুৰাত কৃষক মুক্তিয়ে নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া ৰেল অৱৰোধ কৰে৷ মৰিগাঁৱত কৃষক মুক্তিয়ে মৰিগাঁও-জাগীৰোড পথ অৱৰোধ কৰি শীঘ্ৰে কৃষক নেতাজনক মুকলি কৰাৰ দাবী উত্থাপন কৰে৷ মৰিগাঁৱৰ লাহৰীঘাটত কৃষক মুক্তিয়ে ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ দৰঙৰ ফকিৰপাৰাত অখিলৰ মুক্তিৰ দাবীত সমৰ্থকে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বৰপেটাৰ জিলা কাৰাগাৰৰ সমীপত বৰপেটা-বাঘবৰ পথ অৱৰোধ কৰি কৃষক মুক্তিৰ সমৰ্থকে অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায়৷ বৰপেটাৰ আৰক্ষীয়ে ১০জন প্ৰতিবাদকাৰীক আটক কৰে৷ কলগাছিয়াত কৃষক মুক্তিয়ে ৰাজপথত টায়াৰ জ্বলাই অখিলৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰে৷ ধুবুৰী চাপৰতো কৃষক মুক্তি আৰু ছাত্র মুক্তিয়ে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰে৷ গুৱাহাটীৰ খানাপাৰাতো অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তিৰ সদস্যই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কৃষক নেতা অখিল গগৈক গ্রেপ্তাৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ দাসে বৰ্তমান ৰাজ্যত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে সৰ্বসাধাৰণৰ বাক স্বাধীনতা হৰণ কৰি ফেচিষ্ট শাসন চলোৱাৰ অভিযোগ কৰে৷ তেওঁ অখিল গগৈক শীঘ্ৰে মুকলি কৰিবলৈ চৰকাৰক দাবী জনায়৷