শিমলুগুৰি, ১৫ ছেপ্টেম্বৰঃ নাজিৰাত সাংস্কৃতিক অনুষ্ঠান কপিধ্বজৰ উদ্যোগত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ নাজিৰাৰ বুদবাৰী সত্ৰৰ সমীপৰ চানবচা পথাৰৰ গোপাল আতা ক্ষেত্রত ১৭ জানুৱাৰীৰ পৰা ২২জানুৱাৰীলৈ ভাওনা প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। ভাওনা প্ৰতিযোগিতাখন পৰিচালনাৰ কাৰণে অজয় বৰুৱাক সভাপতি, ৰূপম কোঁৱৰ আৰু উজ্জ্বল খনিকৰক সম্পাদক হিচাবে লৈ এখন সাংস্কৃতিক উপসমিতি গঠন কৰা হয়৷ উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে প্ৰতিযোগিতাত অকক আৰু দলীয় শিতানৰ বিজয়ী প্ৰতিযোগিক পুৰস্কাৰ হিচাবে নগদ ধন দিয়া হ’ব। প্ৰতিযোগিতাত পাণ্ডুলিপিসহ যোগদানৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ। যোগদান মাচুল ১,০০০ টকা। ইচ্ছুক ভাওনা দলসমূহে সবিশেষ জানিবলৈ ৯৬৭৮২ ৬১৮১৬, ৭০০২৭ ১৪৮৯৫, ৮১৩৪৮ ৯৪৪৭৬ আৰু ৯৪৩৫৩ ৩৩০৯৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।