সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰী: পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ পৰা দক্ষিণ ভাৰতলৈ আৰম্ভ হ’ল অত্যাধুনিক ৰে’ল সেৱা । কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে ফ্লেগ অফ কৰিলে শিলঘাট-তাম্বাৰাম এক্সপ্ৰেছৰ।

উল্লেখযোগ্য যে শুকুৰবাৰে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে নগাঁও ৰে’ল ষ্টেচনত ‘শিলঘাট-তাম্বাৰাম এক্সপ্ৰেছ’ৰ ফ্লেগ অফ কৰাৰ লগে লগে মধ্য অসমৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত হ’ল । উল্লেখ্য যে , চলিত বৰ্ষৰ পহিলা জানুৱাৰীতো নগাঁৱৰ শিলঘাট ষ্টেচনৰ পৰা কলিকতালৈকে চলাচল কৰা ‘কাজিৰঙা এক্সপ্ৰেছ’ৰ শুভাৰম্ভ কৰিছিল কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে । ইফালে শুকুৰবাৰৰ পৰা শুভাৰম্ভ হোৱা চেন্নাইলৈকে চলিবলগীয়া শিলঘাট-তাম্বাৰাম এক্সপ্ৰেছখন প্ৰতি সপ্তাহৰ শুকুৰবাৰে চেন্নাই অভিমুখে যাত্ৰা কৰাৰ বিপৰীতে প্ৰতি সোমবাৰে চেন্নাইৰ পৰা নগাঁৱৰ শিলঘাট অভিমুখে যাত্ৰা কৰিব । এই ৰে’ল সেৱাৰ জৰিয়তে মধ্য অসমৰ লগতে উত্তৰ অসমৰ ৰাইজো উপকৃত হ’ব বুলি আশা কৰা হৈছে ।