উচিত মূল্য নাপাই মূৰে-কপালে হাত দিছে লংকাৰ হালধি খেতিয়কে
লংকা, ২৯ এপ্ৰিলঃ অসমৰ সৰহ সংখ্যক লোকেই কৃষি-কৰ্মৰ লগত জড়িত হোৱাৰ সত্বেও কৃষি ক্ষেত্ৰত চৰকাৰৰ উদাসীন মনোভাবে কৃষিজীৱী সকলক অতিষ্ঠ কৰি তুলিছে৷ উৎকট গৰম-বৰষুণকো নেওচি মূৰৰ ঘাম মাটিত পেলাই খেতি কৰাৰ পিছতো চৰকাৰৰ নিষ্কৰ্মা মনোভাবৰ কাৰণে খেতিয়কে শস্যসমূহ পানীৰ দৰত বজাৰত বিক্ৰী কৰিব লগা হৈছে৷ কঠোৰ পৰিশ্ৰমৰ মূল্য আৰু আনুষংগিক ব্যয়খিনিও লাভ কৰিবলৈ সক্ষম নোহোৱাত ক্ষুদ্ৰ খেতিয়কসকলে মুৰে-কপালে হাত দিবলগীয়া হৈছে৷ বহু সময়ত কৃষকসকল লোকচানৰো সন্মুখীন হোৱা পৰিলক্ষিত হৈছে৷ এনে সময়তে সমগ্ৰ ৰাজ্যৰে বিভিন্ন স্থানত কৃষকৰ উৎপাদিত শস্যসমূহ অতি কম দৰত বিক্ৰি কৰিবলৈ বহিৰাগত বণিক গোষ্ঠীয়ে বাধ্য কৰোৱাৰ এক অভিযোগ উত্থাপিত হৈছে৷ তথ্য অনুসৰি, লংকাৰ নখুঁটি অঞ্চল হালধি খেতিৰ কাৰণে বিখ্যাত৷ নখুঁটিৰ ৮০ শতাংশ লোকেই হালধি খেতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত৷ অঞ্চলটোৰ অধিকাংশ লোকৰ পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ ভৰষা হালধি খেতি৷ নখুটি, চাৰ্কেবস্তি আদি অঞ্চলৰ পৰা বছৰি হাজাৰ হাজাৰ টন হালধি বহিঃৰাজ্যলৈ ৰপ্তানি হয়৷ অঞ্চলটোৰ ভূমি হালধি খেতিৰ বাবে অধিক উপযোগী হোৱা কাৰণে কৃষকে কেৱল হালধি খেতিতেই অধিক মনোনিৱেশ কৰিবলগীয়া হয়৷ কৃষি বিভাগৰ পৰা খেতিয়কসকলে কোনোধৰণৰ সা-সুবিধা নোপোৱাত আৰু অধিক হালধি উৎপাদন হোৱাত কৃষকে বজাৰ দৰতকৈ বহু কম দামত হালধি বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ ভৰসা উৎপাদিত হালধিখিনি এতিয়া অতি কম দামত বিক্ৰী কৰিবলগীয়া হোৱাত অঞ্চলটোৰ খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ লংকাৰ নখুটি, চাৰ্কেবস্তি আদি অঞ্চলৰ খেতিয়কসকলে চৰকাৰক শস্যৰ উচিত বজাৰ মূল্য লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ লগতে কম দৰত শস্য বিক্ৰী কৰিবলগীয়া বাতাবৰণ সৃষ্টি কৰা বণিক গোষ্ঠীকো চৰকাৰক নাকী লগোৱাৰো দাবী জনাইছে৷  লংকা চহৰৰ পৰা প্ৰায় ২৫ কিল’মিটাৰ ভিতৰত অৱস্থিত এই অঞ্চলৰ যাতায়াত ব্যৱস্থা অতি বেয়া হোৱা বাবে কৃষকে নিজৰ উৎপাদিত ফচল সমূহ বজাৰলৈ আনোতে দুৰ্ভোগ ভূগিবলগীয়া হৈছে৷ অঞ্চলবাসীয়ে যাতায়াত ব্যৱস্থাও উন্নত কৰিবলৈ চৰকাৰক দাবী জনাইছে৷