ৰঙিয়া, ২৯ এপ্ৰিলঃ বহিঃৰাজ্যত অসমৰ যুৱক-যুৱতীক ঠগ-প্ৰবঞ্চনা কৰা বহুত শুনিছে। কিন্তু এইবাৰ অসমৰ যুৱতীয়ে উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ যুৱকক ঠগ-প্ৰবঞ্চনা কৰি অসমলৈ উভতি আহে৷  শুনি আচৰিত লাগিলেও সত্য, ৰঙিয়াৰ যুৱতী পুনমে (৩০) উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ স্বামীক প্ৰবঞ্চনা কৰাতে ক্ষান্ত নাথাকি ৯ বছৰীয়া নিজ সন্তানক কোঠালীত বন্ধ কৰি অসমলৈ পলায়ন কৰি আহে৷ কিমান নিষ্ঠুৰ হ’ব পাৰে এগৰাকী মাতৃ? যিয়ে টকাৰ বাবে নিজৰ স্বামী আৰু সন্তানকো প্ৰৱঞ্চনা-অত্যাচাৰ কৰিবলৈও কুন্ঠাবোধ নকৰিলে৷ স্বামী ৰবিন্দৰ ওৰফে ৰিংকুক পত্নী পুনমে টকা নিদিলে স্বামী-সন্তানক এৰি অসমলৈ গুচি আহিব বুলি প্ৰায়ে ভাবুকি দি আহিছিল। উপায় বিহীন হৈ ৰবিন্দৰে মাহে ১০ ৰ পৰা ২৫ হাজাৰ টকা পত্নীক দিছিল৷ কিন্তু যোৱা ফেব্ৰুৱাৰী মাহত ৰবিন্দৰে পত্নী পুনমক টকা দিব নোৱাৰাত খঙত অগ্নিশৰ্মা হৈ নিজ সন্তানক কোঠালীত বন্ধ কৰি এৰি আহিছিল পুনমে।  দুদিন ধৰি কোঠালিত আৱদ্ধ হৈ থকাত সন্তানটোক চিকিৎসালয়ত চিকিৎসা কৰাবলগীয়াও হৈছিল।  ইতিমধ্যে ৰবিন্দৰে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে। সাত দিন পুৰ্বে পত্নী পুনমে ফোন কৰি খবৰ দিছিল যে বিল্ডিঙৰ পৰা পৰি জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে চিকিৎসালয়ত, চিকিৎসাৰ বাবে টকা লাগে। এই খবৰ শুনা মাত্ৰেই ৰবিন্দৰে লগত ৫ হাজাৰ টকালৈ উত্তৰ প্ৰদেশৰ পৰা ৰঙিয়ালৈ আহে৷ ৰঙিয়া ৰেল জংচনত পুনমৰ ভাতৃয়ে ৰবিন্দৰৰ পৰা ৫ হাজাৰ টকা লয়৷ ইমানতেই ক্ষান্ত নাথাকি পুনমে পুনৰ ফোনযোগে স্বামী ৰবিন্দৰক ধমকি দিয়ে যে ইমান কম টকাৰে একোৱে নহয় সেয়েহে আৰু কেতিয়াও তেওঁলোকৰ দেখা-দেখি নহয়৷ শুক্ৰবাৰে নিশা ৰবিন্দৰে ৰঙিয়া চহৰৰ দোকানে দোকানে পত্নীৰ ফটো দেখুৱাই বিচাৰি ফুৰে। অশেষ কষ্ট কৰিও পত্নীক বিচাৰি উলিয়াব নোৱাৰাত দুখত ভাগি পৰিছে উত্তৰ প্ৰদেশৰ এই দুৰ্ভগীয়া ব্যক্তিজন৷