মৰিগাঁৱ, ১৪ ডিচেম্বৰঃ মৰিগাঁৱ জিলাৰ লাহৰীঘাটত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা।লাহৰীঘাটৰ পশু চিকিৎসালয়ৰ সন্মুখত দ্ৰুতবেগী যাত্ৰীবাহী মেজিক আৰু টেম্পোৰ মাজত মুখামুখি সংঘষৰ্ত হোৱাত ১৫ জনকৈ লোক আঘাতপ্ৰাপ্ত হয়। দুর্ঘটনা সংঘটিত কৰি দুয়োখন বাহনৰ চালক দুর্ঘটস্থলীৰ পৰা পলায়ন কৰে। দুর্ঘটনত আহত হোৱা লোকসকলক স্থানীয় ৰাইজে লাহৰীঘাট মডেল হাস্পতালত ভৰ্তি কৰে। উল্লেখ্য যে লাহৰীঘাটত একাংশ কম বয়সৰ যুৱক অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলাই আছে। এই কম বয়সৰ চালকসকলে বিভিন্ন সময়ত কোনোধৰণৰ নীতি নিয়ম পালন নকৰাকৈ পথৰ ওপৰত গাড়ী চলাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে। নীতি নিয়ম পালন নকৰাকৈ গাড়ী চলোৱাৰ ফলত অঞ্চলটোত ধাৰাবাহিক ভাৱে সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটোকৈ পথ দূৰ্ঘটনা। উল্লেখ্য যে দুর্ঘটনা সংঘটিত কৰি দুর্ঘটনাস্থলীতে বাহন এৰি পলায়ন কৰা চালক দুজনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু বাহন দুখন নিজ কব্জালৈ লৈছে।