বাক্সা, সংবাদ ৩৬৫, ৩ জুলাইঃ এক জুলাইৰ পৰা সাত জুলাইলৈ ৰাজ্যত পালন কৰা হৈছে ৬৯ সংখ্যক বন মহোৎসৱ। বন মহোৎসৱ উপলক্ষে মঙলবাৰে বাক্সা জিলা বন প্ৰাধিকাৰীৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ এলেকাধীন ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত এক গছপুলি ৰোপন কাৰ্যসূচী পালন কৰা হয়। দিনৰ এঘাৰ বজাত গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে বাক্সা জিলা বন প্ৰাধিকাৰী বিষয়া ভবেশ চন্দ্ৰ দাসে৷ অনুষ্ঠানত তামুলপুৰ খণ্ড উন্নয়নৰ টি চি এল চি চিৰ অধ্যক্ষ সুভাষ বসুমতাৰী, তামুলপুৰ আঞ্চলিক বন বিষয়া কেশৱ ব্ৰহ্ম, তামুলপুৰ ব্লক বি পি এফৰ সাধাৰণ সম্পাদক অভিজিৎ দাসকে ধৰি কেইবাগৰাকী নেতা, দ্বাৰকুছি ভি চি ডি চিৰ অধ্যক্ষা নিৰলা বসুমতাৰী, স্থানী ৰাইজ আৰু ব্যৱসায়ী সকলৰ লগতে বন বিষয়া ক্ৰমে ফুকন ডেকা, মতিৰাম ওজা, কুশল কলিতা, উপস্থিত থাকে৷ বাক্সা জিলা বন প্ৰাধীকাৰী বিষয়া ভবেশ চন্দ্ৰ নাথে গছ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে জিলাখনত বন মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে চাৰি হেজাৰৰো অধিক গছপুলি ৰোপন কৰা হৈছে৷ জিলাখনৰ চৰকাৰী-ৱেচৰকাৰী, অনুষ্ঠান -প্ৰতিষ্ঠান, ৰাজহুৱা মঠ-মন্দিৰ, মছজিদ সমূহত সমুহীয়া ভাৱে গছপুলি ৰোপনৰ আঁচনি লোৱা হৈছে বুলিও কয় বন বিষয়া গৰাকীয়ে৷ ভাৰত-ভূটান সীমান্তৰ জৈৱ বৈচিত্ৰকে ধৰি জিলাখনৰ প্ৰাকৃতিক পৰিৱেশ যাতে বিনষ্ট হ’ব নোৱাৰে তাৰ বাবে প্ৰায় দহহেজাৰ গছপুলি পৰ্যায় ক্ৰমে মহোৎসৱ উপলক্ষে ৰোপন কৰা হ’ব৷ বন বিষয়া গৰাকীয়ে স্থানীয় ৰাইজ, বাটৰুৱা সকলৰ মাজতো গছপুলি বিতৰন কৰি ৰোপনৰ পৰামৰ্শ দিয়ে৷